ক্ষমতাৰ লোভত অন্ধ হৈ বিজেপিৰ সৈতে বন্ধুত্ব কৰাৰ ফল ভুগিছে প্ৰমোদ বড়োৰ নেতৃত্বাধীন UPPL য়ে । বিজেপিৰ নেতৃত্বাধীন NDA ৰ সংগ এৰিবলৈ সাজু হৈছে প্ৰমোদ বড়োৰ নেতৃত্বাধীন UPPL।
চলিত বৰ্ষৰ ডিচেম্বৰ মাহতেই NDA ৰ পৰা বাহিৰ হ'ব UPPL। BTC ৰ পৰিষদীয় নিৰ্বাচনত পৰাজয়ৰ দিশ বিশ্লেষণ কৰিবলৈ বিজনীৰ পাণবাৰীত অনুষ্ঠিত হৈছিল UPPL ৰ বৈঠক। এই বৈঠকতে NDA ৰ সৈতে সংগ ত্যাগ কৰাৰ সিদ্ধান্তত উপনীত হৈছে প্ৰমোদ বড়োৰ নেতৃত্বাধীন UPPL। NDA ৰ সংগ ত্যাগ কৰি ২৬ ৰ বিধানসভা নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে UPPL য়ে।
আগন্তুক বিধানসভা নিৰ্বাচনত ১১ টা সমষ্টিত প্ৰাৰ্থী থিয় কৰোৱাৰ সিদ্ধান্ত লৈছে UPPL য়ে। শাসকীয় দল NDA ৰ দখলত থকা একাধিক সমষ্টিত প্ৰাৰ্থী থিয় কৰাব প্ৰমোদ বড়োৰ নেতৃত্বাধীন UPPL য়ে। UPPL ৰ টাৰ্গেটত আছে গোলাঘাট, ৰঙিয়া, ধেমাজি, নদুৱাৰ,ঢেকীয়াজুলি,বৰছলা,ডিমৰীয়াৰ দৰে নৱগঠিত সমষ্টি।
উল্লেখযোগ্য যে,NDA ত চামিল হ'বলৈ বিজেপিৰ সন্মুখত কেইবাটাও চৰ্ত ৰাখিছিল হাগ্ৰামা মহিলাৰীয়ে । মূলত NDA পৰা ইউ পি পি এলক আউট কৰিলেহে BPF চামিল হ'ব বুলি বিজেপিৰ শীৰ্ষ নেতৃত্বক চৰ্ত দিছিল হাগ্ৰামাই।
ইতিমধ্যে বিজেপিৰ হাইকামাণ্ডৰ সেউজ সংকেটৰ পাছত NDA ত চামিল হৈছিল হাগ্ৰামাৰ BPF। বি টি চি নিৰ্বাচনত চমকপ্ৰদ সাফল্যৰে ২৮ খন আসনত জয়ী হোৱা BPF ৰ বাবে NDA পৰা আঁতৰিব লগা হ'ব UPPL।
উল্লেখযোগ্য যে,UPPL ক লৈ বিজেপিৰ ৰাজনৈতিক শক্তিশেল দেখি এতিয়া অস্বস্তিত পৰিছে NDA ৰ অন্যতম মিত্ৰদল AGP। শেহতীয়াকৈ,২৬ ৰ আসনক অগপ আৰু বিজেপিৰ মাজত আভ্যন্তৰীণ যুজঁৰ উকমুকনি হৈছে বুলিও চৰ্চা চলিছে। ২৬ ত বিজেপিৰে মিত্ৰতা কৰি অন্তিম বাৰলৈ অগপ নিৰ্বাচনত নামিব বুলিও ৰাজনৈতিক বিশ্লেষকে দাবী কৰিছ।
