ভয়ংকৰ ৰূপত আহি আছে কালঘূৰ্ণী মন্থা । ১৫০ কিলোমিটাৰ বেগত আহি আছে সাগৰীয় কালঘূৰ্ণী মন্থা। দেশৰ কেইবাখনো ৰাজ্যত দিনতে হৈ পৰিছে অন্ধকাৰ। চেন্নাই, অন্ধ্ৰ প্ৰদেশ আৰু আৰু ওড়িশাত এতিয়া হাহাকাৰ পৰিস্থিতি ।
ইতিমধ্যে, প্ৰশাসনে খালী কৰি দিছে কেইবাটাও উপকূলীয় অঞ্চল। ২-৩ দিনলৈকে বন্ধ কৰি দিয়া হৈছে বিদ্যালয়-মহাবিদ্যালয় । মন্থাৰ প্ৰভাৱত ঠায়ে ঠায়ে অনুভৱ হৈছে প্ৰচণ্ড শীত। মন্থাৰ ভয়াৱহতা সন্দৰ্ভত আলোচনাত বহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও ।
বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে অসমতো পৰিব মন্থাৰ ব্যাপক প্ৰভাৱ । আগন্তুক ৩১ অক্টোবৰ আৰু ১ নৱেম্বৰত অসমৰ বিভিন্ন স্থানত প্ৰচণ্ড ধুমুহা-বৰষুণৰ সম্ভাৱনা। ইফালে, অনাগত ৫ দিনলৈ মেঘাচ্ছন্ন হৈ থাকিব গুৱাহাটীৰ আকাশ।
ভাৰতৰ পূব উপকূলেৰে সোমাইছে সাগৰীয় ঘূৰ্ণি মন্থা। মঙলবাৰে নিশা অন্ধ্ৰপ্ৰদেশৰ মছিলিপটনম আৰু কলিংগাপুটনমেৰে ১০০ কিলোমিটাৰ বেগেৰে খুন্দা মৰাৰ পিছতে ১০ ফুট উচ্চতা পৰ্যন্ত সাগৰীয় ঢৌৱে খুন্দা মাৰিছে অন্ধ্ৰৰ উপকূলত। মন্থাৰ প্ৰভাৱত উভালি পৰিছে বহু গছ গছনি। বন্ধ কৰি দিয়া হৈছে বিদ্যুৎ সৰবৰাহ।
ঘূৰ্ণীবতাহ মন্থাই যোৱা নিশা ঘণ্টাত ৯০ৰ পৰা ১০০ কিলোমিটাৰ বেগেৰে অন্ধ্রপ্রদেশ আৰু য়ানম উপকূলৰ মাজৰ মছিলিপটনম আৰু কলিংগপট্রনমৰ ওপৰেৰে পাৰ হৈ যায়। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে প্রকাশ কৰা মতে মঙলবাৰে সন্ধিয়া ৭ বজাত ঘূৰ্ণী বতাহ মন্থাই অন্ধ্রপ্রদেশৰ কাকিনাৰাত খুন্দা মাৰে।
ইয়াৰ প্রভাৱত অন্ধ্রপ্রদেশত ধাৰাষাৰ বৰষুণ হোৱাৰ লগতে ৰাজ্যখনৰ ৪৩ হাজাৰ হেক্টৰ কৃষি ভূমি বিনষ্ট কৰে। অন্ধ্রপ্ৰদেশ আৰু য়ানামৰ ঠায়ে ঠায়ে আজি পাতলিয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ লগতে কোনো কোনো ঠাইত প্রবল বৰষুণৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে আগজাননী দিছে।
ওড়িশাৰ মুখ্যমন্ত্রী মোহন চৰণ মাঝিয়ে ৰাজ্যখনত মন্থাৰ প্রভাৱত বৃহৎ ক্ষতি হোৱা নাই যদিও সাৱধানতামূলক ব্যবস্থাসমূহ এতিয়াও জাৰি ৰখা হৈছে বুলি প্রকাশ কৰিছে। শ্রী মাঝিয়ে ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা কর্তৃপক্ষৰ পৰা ঘূর্ণিবতাহৰ পিছৰ পৰিস্থিতিৰ বুজ লৈ ৰাজ্যখনৰ ঠায়ে ঠায়ে গছ-গছনি ভঙাৰ লগতে কম পৰিমাণে ভূমিস্খলন হোৱা বুলি জানিবলৈ দিয়ে।
