উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত পুনৰ নগাৰ দপদপনি

চৰকাৰে অবৈধ বেদখলকাৰীক উচ্ছেদ কৰাৰ পাছৰে পৰা  উৰিয়ামঘাটত দিনক দিনে নগাৰ আগ্ৰাসন বৃদ্ধি পাইছে । উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত পুনৰ নগাৰ দপদপনি । অসমৰ ভূমিত প্ৰৱেশ কৰি অসম চৰকাৰে ৰোপণ কৰা গছপুলি কাটি তহিলং কৰিলে নগাই।  । শেহতীয়াকৈ অসমৰ বন বিভাগে ৰোপণ কৰা গছপুলি কাটি তহিলং কৰিলে নগাই । অস্ত্ৰ-শস্ত্ৰ লৈ শতাধিক নগাই অসমৰ ভূমিত প্ৰৱেশ কৰি কাটি থৈ গ'ল শ শ গছপুলি ।
নীৰৱ দৰ্শকৰ ভূমিকাত সীমান্তত নিৰপেক্ষ বাহিনী হিচাপে নিয়োজিত CRPF বাহিনী। ঘটনাস্থলীত নিৰাপত্তা বাহিনী উপস্থিত থকাৰ পিছতো নগাই এই ঘটনা সংঘটিত কৰা বুলি অভিযোগ উঠিছে । 
উল্লেখ্য যে ২৯ জুলাইত আৰম্ভ হৈছিল সোণাৰীবিলৰ উচ্ছেদ আৰু ৯ আগষ্টত আৰম্ভ হৈছিল বনানীকৰণৰ কাম । প্ৰথম পৰ্যায়ত ১০০০ বিঘা ভূমিত গছপুলি ৰোপণৰ কাম আৰম্ভ কৰিছিল বন বিভাগে । সমগ্ৰ অঞ্চলটোত বনানীকৰণ কৰা হ'ব বুলিও জানিবলৈ দিছিল বন বিভাগে । বন বিভাগে জনোৱা মতে বনানীকৰণৰ লগে লগে সোণাৰীবিলক কেন্দ্ৰ কৰি গঢ়ি তোলা হ'ব এক আকৰ্ষণীয় পৰ্যটনক্ষেত্ৰ । এই সপোন দেখিছিল চৰকাৰে । প্ৰথম দিনাই ৬০ হেক্টৰ ভূমিত কেৱল উৰিয়াম পুলি ৰোপণ কৰা হৈছিল । বুলড'জাৰে ধ্বংসস্তূপত পৰিণত কৰা ৰেংমা সংৰক্ষিত বনাঞ্চল সেউজীয়া কৰাৰ লক্ষ্য আছিল চৰকাৰৰ ।
পিছে এই আশাত চেঁচাপানী পেলালে নগাই । নগাই আহি এফালৰ পৰা কাটি গ'ল লহপহকৈ বাঢ়ি অহা গছপুলিবোৰ । কেৱল এয়াই নহয় সেই সময়ত উক্ত স্থানত উপস্থিত থকা একাংশ অসমীয়াক ভাবুকিও প্ৰদান কৰিলে অস্ত্ৰ-শস্ত্ৰ লৈ অহা নগা দুৰ্বৃত্তই । স্থানীয় ৰাইজে জনোৱা অনুসৰি ১০০ৰো অধিক নগাই গাড়ী লৈ আহি হাতত মাৰণাস্ত্ৰ লৈ গছপুলিবোৰ কটৰ লগতে  ফালি থৈ গ'ল ফলকো।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *