কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱেৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বৈঠক
অসমলৈ সংযুক্ত ৩খন নতুন অমৃত ভাৰত ৰে'ল
সংযোগ কৰা হ'ব উমৰাংছ'ৰ পৰা হোজাই জিলাৰ লংকালৈ নতুন ৰে'লপথ
ক্ষিপ্ৰতাৰে কৰা হ'ব কোকৰাঝাৰৰ পৰা ভূটানৰ গেলেফু মাইণ্ডফুলনেছ চিটীলৈ নতুন ৰে'লপথৰ কাম
অসমৰ মাজেৰে চলাচল কৰা গুৰুত্বপূৰ্ণ ৰে’লগাড়ীৰ ষ্টপেজৰ সংখ্যা বৃদ্ধি কৰা হ'ব
দেওবাৰে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱেৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এখন বৈঠকত মিলিত হয়। অসমৰ যাতায়ত ব্যৱস্থাক অধিক সুশৃংখলিত কৰাৰ প্ৰচেষ্টাৰে অসমৰ ৰে’লৱে ব্যৱস্থাৰ সম্প্ৰসাৰণ তথা আন ভিন্ন বিষয়ত আলোচনা কৰা বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে অসমৰ ৰে'ল সেৱাত নতুন সংযোজনৰ বিষয়ে সামাজিক মাধ্যমৰ জড়িয়তে অৱগত কৰে।
অসমলৈ সংযুক্ত ৩খন নতুন অমৃত ভাৰত ৰে'ল।
সংযোগ কৰা হ'ব উমৰাংছ'ৰ পৰা হোজাই জিলাৰ লংকালৈ নতুন ৰে'লপথ ।
ক্ষিপ্ৰতাৰে কৰা হ'ব কোকৰাঝাৰৰ পৰা ভূটানৰ গেলেফু মাইণ্ডফুলনেছ চিটীলৈ নতুন ৰে'লপথৰ কাম।
অসমৰ মাজেৰে চলাচল কৰা গুৰুত্বপূৰ্ণ ৰে’লগাড়ীৰ ষ্টপেজৰ সংখ্যা বৃদ্ধি কৰা হ'ব।
