অৰুণাচল প্ৰদেশত বাহৰ পাতি সেনা বাহিনীৰ গতিবিধিৰ তথ্য সংগ্ৰহ কৰি পাকিস্তানলৈ প্ৰেৰণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ দুই যুৱকক
গ্ৰেপ্তাৰ কাশ্মীৰৰ কুপৱাৰা জিলাৰ নাজিৰ আহমেদ মালিক আৰু ছাবিৰ আহমেদ মিৰক photoplate
অৰুণাচলত আৰক্ষীৰ জালত দুজনকৈ পাকিস্তানৰ সন্দেহজনক ISIৰ এজেণ্ট। ভাৰতীয় প্ৰতিৰক্ষাৰ গোপন তথ্য পাকিস্তানলৈ প্ৰেৰণ কৰাৰ অভিযোগ। সন্দেহজনক ISIৰ এজেণ্ট দুটাই গোপনে অৰুণাচল প্ৰদেশত বাহৰ পাতি সেনা বাহিনীৰ গতিবিধিৰ তথ্য সংগ্ৰহ কৰি আহিছিল। সন্দেহজনক আই এছ আই এজেণ্ট দুটাক সম্প্ৰতি ন্যায়িক জিম্মাত ইটানগৰৰ জোলাঙত থকা চেণ্ট্ৰেল জে'লত ৰখা হৈছে।
ইটানগৰৰ চিম্পু আৰক্ষী থানাত পঞ্জীয়ন হোৱা এটা গোচৰৰ তদন্তত পোহৰলৈ আহে যে কাশ্মীৰৰ সন্ত্ৰাসবাদীৰ ঘাটি বুলি পৰিচিত কুপৱাৰা জিলাৰ নাজিৰ আহমেদ মালিক নামৰ যুৱকজনক চিম্পুৰ পৰা আটক কৰে। আৰক্ষীৰ তদন্তত মালিকৰ পৰা জব্দ হোৱা ম'বাইল ফোনৰ পৰা অৰুণাচল প্ৰদেশত সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ চাউনী, গতিবিধি আদিৰ তথ্য পাকিস্তানত থকা আই এছ আইৰ বিষয়ালৈ এনক্ৰিপ্টেড টেলিগ্ৰাম বাৰ্তা যোগে প্ৰেৰণ কৰিছিল।
কাশ্মীৰৰ কুপৱাৰা জিলাৰ নাজিৰ আহমেদ মালিক নামৰ এজন যুৱকক চিম্পুৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। আৰক্ষীৰ তদন্তত নাজিৰ আহমেদ মালিকৰ পৰা জব্দ কৰা মোবাইলৰ পৰা ওলাই পৰে ভয়ংকৰ তথ্য। নাজিৰ আহমেদ মালিকে নিজৰ মোবাইলেৰে অৰুণাচলত থকা সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ ছাউনী, গতিবিধি আদিৰ তথ্য পাকিস্তানত থকা আই এছ আইৰ বিষয়ালৈ প্ৰেৰণ কৰিছিল।
আৰক্ষীৰ জোৰদাৰ তদন্তত আন এজন কাশ্মীৰী যুৱক ছাবিৰ আহমেদ মিৰকো ইটানগৰৰ আবোটানি কলনিৰ পৰা গ্ৰেপ্তাৰ কৰে। ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে এজেণ্ট দুটাক আৰক্ষীয়ে জেৰা চলাই আছে। আৰক্ষীয়ে দুজনৰ ম'বাইল পৰা ইতিমধ্যেই ডিলিট কৰি দিয়া বহু মেছেজ উদ্ধাৰ কৰিছে। সম্প্ৰতি সন্দেহজনক আই এছ আই এজেণ্ট দুটাক ন্যায়িক জিম্মাত ইটানগৰৰ জোলাঙত থকা চেণ্ট্ৰেল জে'লত ৰখা হৈছে।
উল্লেখ্য যে, মাত্ৰ ছয় দিন পূৰ্বে পাকিস্তানে অৰুণাচল প্ৰদেশক চীনৰ অংশ বুলি দাবী কৰিছিল। এনে প্ৰেক্ষাপটত অৰুণাচল প্ৰদেশৰ পৰা পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইৰ বিষয়ালৈ অৰুণাচল প্ৰদেশত সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ তথ্য সৰবৰাহ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। এক অসমৰ্থিত সূত্ৰই সদৰি কৰা অনুসৰি কাশ্মীৰৰ এই যুৱক দুজনে অৰুণাচল প্ৰদেশৰ চীন সীমান্ত অঞ্চল ভ্ৰমণ কৰিছিল।
