বহু অপেক্ষাৰ অন্তত শুকুৰবাৰে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত দাখিল হ’ল জুবিন গাৰ্গৰ মৃত্যু ৰহস্যৰ তদন্ত প্ৰক্ৰিয়াৰ চাৰ্জশ্বীট। চাৰিটাকৈ ট্ৰাংকত চিআইডি কাৰ্যালয়ৰ পৰা আদালতলৈ লৈ যোৱা হৈছিল প্ৰায় ৩৫০০ পৃষ্ঠাৰ অভিযোগনামা ।
শুকুৰবাৰে আদালতত চার্জশ্বীট দাখিল কৰিলে যদিও এই চার্জশ্বীট ৰাজহুৱা কৰা নহ’ব। অভিযুক্তৰ অধিবক্তাই আদালতত চার্জশ্বীটৰ ক’পি বিচাৰি আবেদন কৰিব পাৰিব যদিও চাৰ্জশ্বীট প্ৰদান কৰা-নকৰাটো নিৰ্ভৰ কৰিব সম্পূৰ্ণৰূপে আদালতৰ ওপৰত।
অভিযোগনামাত মূল অভিযুক্ত হিচাপে ধৰা হৈছে ৭টা অভিযুক্তক। ন্যায়িক জিম্মাত থকা ৪ অভিযুক্তৰ বিৰুদ্ধে BNSৰ ১০৩ ধাৰা আৰোপ কৰা হৈছে।
হত্যাৰ গোচৰত BNSৰ ১০৩ ধাৰা প্রয়োগ কৰা হৈছে সিদ্ধার্থ শর্মা, শ্যামকানু মহন্ত, অমৃতপ্রভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামী বিৰুদ্ধে।
সন্দীপন গাৰ্গৰ বিৰুদ্ধে আৰোপ কৰা হৈছে ১০৫ ধাৰা।
বিত্তীয় খেলিমেলিৰ অভিযোগত PSO পৰেশ বৈশ্য, নন্দেশ্বৰ বৰাৰ বিৰুদ্ধে CBT প্রয়োগ কৰা হৈছে। বিশ্বাস ভংগৰ অভিযোগত প্রয়োগ কৰা হয় BNSৰ এই CBT।
৭ অভিযুক্তৰ ধাৰা সমূহ -
সিদ্ধাৰ্থ শৰ্মা -BNS ৩ (৬) , ৩ ( ৭ ), ৩(৮), ৬১ , ১০৩ (১), ৩১৬ (৫)
অমৃত প্ৰভা মহন্ত - BNS ৩ (৬) , ৩ ( ৭ ), ৩(৮), ৬১ , ১০৩ , ৩১৬ (৫) , ২৩৮
শ্যাম কানু মহন্ত - BNS ৩ (৬) , ৩ ( ৭ ), ৩(৮), ৬১ , ১০৩ , ৩১৬ (৫) ২৩৮ (২) ,৩১৮ (৪)
শেখৰ জ্যোতি গোস্বামী - BNS ৩ (৬) , ৩ ( ৭ ), ৩(৮), ৬১ , ১০৩ , ৩১৬ (৫)
সন্দীপন গাৰ্গ -BNS ১০৫
পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰা -BNS ৬১ (২) , ৩১৬(৫)
ছিংগাপুৰত নৰ্থ-ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰাৰ সময়তে ১৯ ছেপ্টেম্বৰত ৰহস্যজনকভাৱে মৃত্যু হৈছিল জুবিন গাৰ্গৰ। এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত নর্থ-ইষ্ট ফেষ্টিভেলৰ মুখ্য আয়োজক শ্যামকানু মহন্ত, জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, জুবিন গাৰ্গৰ সম্বন্ধীয় ভাতৃ তথা অসম আৰক্ষীৰ তদানীন্তন DSP সন্দীপন গার্গ, বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামী, সহযোগী কণ্ঠশিল্পী অমৃতপ্ৰভা মহন্ত আৰু ব্যক্তিগত নিৰাপত্তাৰক্ষী পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক গ্ৰেপ্তাৰ কৰা হৈছিল৷ তদন্তকাৰী দলে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গকে ধৰি প্ৰায় ৩০০গৰাকী লোকৰ সাক্ষ্য অন্তর্ভুক্ত কৰা হৈছে চার্জশ্বীটত। এই নথিত ফৰেনছিক প্ৰমাণ, ছিংগাপুৰৰ আৰক্ষী আৰু চিকিৎসা কৰ্তৃপক্ষৰ আংশিক প্রতিবেদন, অসমৰ চিকিৎসকৰ আৰু চিকিৎসা কৰ্তৃপক্ষৰ আংশিক প্রতিবেদন আৰু ফেষ্টিভেলটোত উপস্থিত থকা আন লোকৰ সাক্ষ্যও লিপিবদ্ধ কৰা হৈছে।
