গৌৰৱ গগৈৰ MPLADS পুঁজিত অনিয়মৰ অভিযোগ! ৪.৯১ কোটি টকাৰ সাংসদ পুঁজিৰ ভিতৰত খৰচ কৰিলে মাত্ৰ ৩.২৮ কোটি!অভিযোগ অনুসৰি, মুঠ ২১৩টা উন্নয়নমূলক কাম প্ৰস্তাৱিত কৰা হৈছিল যদিও, সম্পূৰ্ণ হোৱা বুলি দেখুওৱা হৈছে মাত্ৰ ১০টা কাম।
২০১৯ চনৰ পৰা ২০২৪ চনলৈ কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ হিচাপে দায়িত্ব পালন কৰা সাংসদ গৌৰৱ গগৈৰ সাংসদ উন্নয়ন পুঁজি ব্যৱহাৰক লৈ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। MPLADS অৰ্থাৎ Member of Parliament Local Area Development Scheme-ৰ অফিচিয়েল ৱেবছাইটত উপলব্ধ তথ্য অনুসৰি, ২০১৯-২০২৪ চন অৰ্থাৎ এই পাঁচ বছৰৰ সময়ছোৱাত গৌৰৱ গগৈক মুঠ ৪.৯১ কোটি টকা আবণ্টন দিয়া হৈছিল। ইয়াৰ ভিতৰত কেৱল ৩.২৮ কোটি টকা খৰচ কৰা হৈছে বুলি তথ্য প্ৰকাশ পাইছে।
অভিযোগ অনুসৰি, মুঠ ২১৩টা উন্নয়নমূলক কাম প্ৰস্তাৱিত কৰা হৈছিল যদিও, সম্পূৰ্ণ হোৱা বুলি দেখুওৱা হৈছে মাত্ৰ ১০টা কাম। অৰ্থাৎ পাঁচ বছৰত ২১৩টা কামৰ ভিতৰত কেৱল ১০টাহে সম্পূৰ্ণ হোৱা বুলি উল্লেখ আছে! তাৰ উপৰিও সম্পূৰ্ণ হোৱা প্ৰতিটো কামৰ বাস্তৱ ছবি আপলোড কৰাৰ বিপৰীতে PDF ফাইলহে আপলোড কৰা হৈছে।
