ডিজিটেল ডেস্কঃ নিৰ্বাচনৰ গৰম বতাহে বাৰুকৈয়ে উৎসাহী কৰিছে কংগ্ৰেছ শিবিৰক। পুনৰ জীপ পাই উঠিছে ৰাজীৱ ভৱনে। মাত্ৰ কেইটামান দিনৰ পূৰ্বলৈকে ৰ’দ নপৰা ৰাজীৱ ভৱনৰ পৰা আঁতৰিছে ধূসৰ পৰিৱেশ। কংগ্ৰেছৰ টিকট বিচাৰি কোনোবা যদি ৰাজীৱ ভৱনলৈ আহিছে আন কোনো নেতাৰ চিন্তা পুত্ৰৰ সুৰক্ষিত ৰাজনৈতিক ভৱিষ্যতক লৈ। বিগত দিনকেইটাৰ ৰাজীৱ ভৱনৰ চৌহদৰ পৰিৱেশ দেখিলেই সহজে বুজিব পাৰি ২০২৬ৰ নিৰ্বাচনে একাংশ কংগ্ৰেছ নেতাক সঁচাকৈয়ে যেন পুনৰবাৰ সক্ৰিয় কৰি তুলিছে।
লিগেচীৰ ৰাজনীতিত ব্যস্ত হৈ ৰকিবুল হুছেইনৰ পৰা ৱাজেদ আলী চৌধুৰীলৈকে নিৰ্বাচনৰ সময়ত সকলোৱে আকৌ এবাৰ পুত্ৰ প্ৰেমত বাৰুকৈয়ে অন্ধৰ দৰে হৈ পৰিছে। তাৰ মাজতে প্ৰাৰ্থিত্ব বিচাৰি কৰা আবেদনেৰে অভিলেখ গঢ়িছে কংগ্ৰেছে। পূৰ্বৰ সম্পূৰ্ণ বিপৰীত পৰিৱেশ স্পষ্ট হৈছে ৰাজীৱ ভৱনত। ৫ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা আবেদন প্ৰক্ৰিয়াত সহাৰি জনাই এতিয়ালৈকে ৭৫৩ গৰাকী লোকে বিচাৰিছে কংগ্ৰেছৰ টিকট। ২৮ ফেব্ৰুৱাৰীলৈকে চলিবলগীয়া এই পক্ৰিয়াত সংখ্যাৰ দিশেৰে সৰ্বাধিক ২৬ গৰাকী লোকে ধিঙত বিচাৰিছে টিকট। তাৰ বিপৰীতে নাজিৰাত কেৱল এজনেহে বিচাৰিছে কংগ্ৰেছৰ প্ৰাৰ্থিত্ব।
কংগ্ৰেছৰ বৰঘৰত থাকিও সতীৰ্থৰ পৰা বিশেষ গুৰুত্ব লাভ নকৰা বুলি অভিযোগ তুলি অভিমানী হৈ পৰা ভূপেন বৰাই অৱশ্যে এতিয়ালৈকে কৰা নাই আবেদন। অখিল গগৈয়ে চকু ৰখা সংখ্যালঘুৰ সমষ্টিৰ পৰা হাজাৰৰো অধিক সমৰ্থক লৈ আবেদন কৰিছে একাংশ কংগ্ৰেছ নেতাই। আনহে নালাগে নিলম্বিত নেতায়ো টিকট বিচাৰি ৰাজীৱ ভৱনত কৰিছে আবেদন। অৱশ্যে নিলম্বিত নীলমণি সেন ডেকাৰ হৈ প্ৰতিনিধিয়ে আবেদন কৰিলেও পোনচাতেই সেই আবেদন অগ্ৰাহ্য কৰিছে ৰাজ্যিক সভাপতি গৌৰৱ গগৈয়ে। বৰ্তমান শক্তিশালী ভেটি নথকা জোনাইত ৭ জন, শদিয়া-ঢকুৱাখনাত ৬ জনে প্ৰাৰ্থিত্ব বিচাৰি কৰিছে আবেদন। প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰ প্ৰতীক বৰদলৈৰ হৈ আবেদন কৰিছে তেওঁৰ সহধৰ্মীনিয়ে। মাৰ্ঘেৰিটাত মুঠ টিকট বিচৰা লোকৰ সংখ্যা ৩ জন।
৩ কোটি, ৮০ লাখ টকা টিকট প্ৰত্যাশীৰ পৰা বৰ্তমানলৈকে টিকটৰ সৈতে সংগ্ৰহ কৰিছে ৰাজীৱ ভৱনে। তাৰ মাজতে আকৌ এবাৰ চৰ্চিত হৈছে পৰিয়ালকেন্দ্ৰীক ৰাজনীতিৰ কেন্দ্ৰই হৈ থাকিব নেকি ৰাজীৱ ভৱন? শীৰ্ষ নেতাৰ পুত্ৰ মোহে পুনৰবাৰ বিপদত পেলাব নেকি কংগ্ৰেছক? সংখ্যালঘুৰ সমষ্টিত প্ৰাৰ্থিত্ব বিচৰা নেতাৰ সংখ্যাই অধিক কংগ্ৰেছত। ধিঙৰ পাছতে মন্দিয়া সমষ্টিত ১৬ গৰাকীয়ে বিচাৰিছে কংগ্ৰেছৰ টিকট। চেঙাত ১৭ গৰাকীক লাগে কংগ্ৰেছৰ টিকট। নিৰ্বাচন খেলিম বুলি ভূপেন বৰাই খাপ পিতি থকা ৰঙানদীটো এতিয়ালৈকে ৮ গৰাকী লোকে বিচাৰিছে কংগ্ৰেছৰ টিকট।
একপ্ৰকাৰে পিতৃৰ পৰিচয়েৰে ৰাজনীতিত ভুমুকি মৰা তাঞ্জিল হুছেইনো শেহতীয়াকৈ খুবেই চৰ্চাত। ককাকৰ পৰা পিতৃলৈকে কেনেকৈ ৰাইজে ভোট দি জিকাইছিল সেই কথা কৈ তেওঁকো এইবাৰ ৰাইজে ভোট দিবই লাগিব বুলি দাবী কৰিছে ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইনে। অৰ্থাত কোনোবা যদি চিকিৎসক হয়, তেন্তে তেওঁ সন্তানকো সেই দিশেৰেই আগবঢ়াই নিবলৈ চেষ্টা কৰাৰ দৰে ৰাজনৈতিক নেতাসকলেও নিজৰ পুত্ৰক একেপথেৰেই আগুৱাই যাবলৈ পৰামৰ্শ দিয়া দেখা গৈছে।
এসময়ৰ প্ৰৱল প্ৰতাপী নেতা কিৰিপ চলিহাৰ পুত্ৰ অৰ্কাশিস চলিহাকো লাগে টিকট। বীৰসিংজাৰোৱাৰ পৰা টিকট বিচৰা বিধায়ক ৱাজেদ আলী চৌধুৰীৰ পুত্ৰ ছোৱাবাদ চৌধুৰীকো লাগে একেটা সমষ্টিৰ টিকট। ২৮ ফেব্ৰুৱাৰীলৈ এতিয়াও আছে এসপ্তাহ সময়। কেইদিনমান পূৰ্বলৈকে ঘোক মৰা আন্ধাৰ থকা ৰাজীৱ ভৱনত পোহৰ পৰিছে। তাৰ মাজতে গৌৰৱ গগৈৰ নেতৃত্বত চলিছে দিছপুৰ দখলৰ আখৰা। বুধবাৰলৈকে ৭৫৩ গৰাকী লোকে কংগ্ৰেছৰ টিকট বিচাৰিছে যদিও আবেদনৰ অন্তিম সময়লৈকে এই সংখ্যাই হাজাৰৰ ঘৰ অতিক্ৰম কৰিব বুলি অনুমান কৰা হৈছে। তাৰ মাজতে বেনাৰ পোষ্টাৰেৰে আকৌ এবাৰ ৰঙীন হৈ উঠিছে ৰাজীৱ ভৱন। সংবাদমাধ্যমৰ বাবেও একপ্ৰকাৰৰ নেতাৰ হট ডাইলগৰ বাবে ৰাজীৱ ভৱন হৈ পৰিছে বাতৰিৰ হট স্পট।
