শংকৰজ্যোতি বৰুৱাৰ ৰাজনৈতিক কেৰিয়াৰত বাধা হৈ থিয় দিয়া কোন এই ২ ছাত্ৰ নেতা?

ডিজিটেল ডেস্কঃ এসময়ত ছাত্ৰ ৰাজনীতিত সফলতাই খেদি ফুৰা শংকৰজ্যোতি বৰুৱাই শেহতীয়াকৈ কেইবাবাৰো খাবলগীয়া হৈছে উজুটি। কেতিয়াবা যদি ৰাজীৱ ভৱনৰ নিমন্ত্ৰণ লাভ কৰিও আধাবাটৰ পৰাই উভতিবলগীয়া হৈছে, আন কেতিয়াবা আকৌ শংকৰক মুখৰ কথাই বাৰুকৈয়ে পেলাইছে বিপদত। এসময়ৰ জ্যেষ্ঠ ভাতৃৰ দৰে জ্ঞান কৰা লুৰীণজ্যোতি গগৈয়েও শংকৰজ্যোতি বৰুৱাক বিশ্বাস আৰু আস্থাত ল’ব পৰা নাই। গতিকে এনে কাৰণতে কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদৰ মজিয়াত শংকৰ পাৱাৰ থাকিও পাৱাৰলেচ হৈ পৰিছে। 

এইবাৰ খবৰ ওলাইছে শংকৰজ্যোতি বৰুৱাই যোগ দিব বিজেপিত। শুকুৰবাৰে নেতাগৰাকীৰ এটা ফেচবুক পোষ্টৰ পাছতেই বিষয়টোৱে অধিক চৰ্চা লাভ কৰিছে। শংকৰজ্যোতিয়ে ফেচবুকত লিখিছিল, ‘শংকৰ জ‍্যোতি বৰুৱা হিচাপে সামাজিকভাৱে ৰাইজৰ সৈতে সুখে দুখে কাম কৰি আহিছো। এতিয়া ৰাইজৰ সৈতে বহুদিনৰ পৰা আলোচনা কৰি আছো। ৰাজনৈতিক সিদ্ধান্ত লোৱাৰ সময় সমাগত। সমাজ প্ৰিয় মানুহ মই।’

সামাজিক মাধ্যমৰ এই পোষ্টৰ পাছতেই শংকৰজ্যোতি বৰুৱাৰ ৰাজনৈতিক দলত যোগদানক লৈ বিভিন্ন খবৰ প্ৰকাশিত হৈছে। নিজকে প্ৰাক্তন প্ৰেমিকা বুলি পৰিচয় দিয়া এগৰাকী যুৱতীয়েও ছ’চিয়েল মিডিয়াত ঘটাইছে বিস্ফোৰণ। এইগৰাকী যুৱতীয়ে এসময়ত ৰাজহুৱা কৰা কিছু ব্যক্তিগত পৰ্যায়ৰ অভিযোগে শংকৰজ্যোতিক আছুৰ মজিয়া এৰিবলৈ বাধ্য কৰিছিল। লাজে অপমানে শংকৰে আত্মপক্ষ সমৰ্থন কৰি নিজকে সুৰক্ষা দিবলৈ চেষ্টা কৰিছিল যদিও উপায়ন্তৰ হৈ ত্যাগ কৰিছিল আছু। তাৰ পাছৰে পৰা শংকৰে দুলীয়াজান সমষ্টিত এগৰাকী সক্ৰিয় ৰাজনৈতিক কৰ্মীৰ দৰেই কাম কৰাত লাগিল। ইমানৰ পাছতো মনত ক্ষোভ কঢ়িয়াই ফুৰা শংকৰে এটা অনুষ্ঠানত অংশ লৈ আছুৰ একাংশ বচা বচা নেতাক কটাক্ষ কৰি আকৌ এবাৰ যেন কদুৰৰ বাহতহে হাত ভৰালে। 

এক বিশেষ সূত্ৰৰ দাবী অনুসৰি, শংকৰজ্যোতি বৰুৱাক বিজেপিলৈ অনাৰ ক্ষেত্ৰত গ্ৰীণ ছিগনেল দিছে সৰ্বানন্দ সোণোৱালে। কিন্তু এসময়ত আছুক গালি পৰা শংকৰজ্যোতিক দললৈ মাতি ৰিস্ক ল’ব বিচৰা নাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। এইক্ষেত্ৰত অসমৰ এটা আগশাৰীৰ সংগঠনৰ একাংশ নেতায়ো শংকৰক বিজেপিয়ে আকোৱালি লোৱাটো একেবাৰে বিচৰা নাই।  শংকৰৰ বিজেপি যাত্ৰাত সংগঠনটোৰ বিশেষ ২ গৰাকী নেতা বাধা হৈ থিয় দিছে। শংকৰে প্ৰতাৰণা কৰা বুলি অভিযোগ অনা যুৱতীগৰাকীয়ে আজি শংকৰৰ ৰাজনৈতিক যাত্ৰাৰ খবৰ লাভ কৰিয়েই আকৌ সামাজিক মাধ্যমত কৰিছে আন এটা পোষ্ট। 

যুৱতীগৰাকীয়ে লিখিছে, ‘মোৰ জীৱন ধ্বংস কৰা শংকৰজ‍্যোতি বৰুৱাই বিজেপি দলত যোগদান কৰিব বুলি বাতৰি ওলাইছে। মই বিজেপি দলৰ কেন্দ্ৰীয় আৰু ৰাজ‍্যিক নেতৃত্বক অনুৰোধ জনাইছোঁ বিয়াৰ প্ৰলোভনেৰে এগৰাকী ছোৱালীৰ জীৱন ধ্বংস কৰা এনে লম্পদ চৰিত্ৰৰ ব‍্যক্তিক দলত অন্তৰ্ভুক্ত নকৰিবলৈ। বহুতে ক’ব খোজে আমাৰ আটাইৰে শ্ৰদ্ধাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ সৈতে সি ঘনিষ্ঠ আৰু সেই কাৰণেই বিজেপি দলে তাক ল’বলৈ ওলাইছে। মই কথাটো বিশ্বাসত ল’ব পৰা নাই। সোণোৱাল ডাঙৰীয়াই নাৰীৰ জীৱনৰ সৈতে হেতালি খেলা ব‍্যক্তিক এনে সুবিধা কৰি নিদিয়ে বুলি মোৰ দৃঢ় বিশ্বাস। মই অসমৰ মুখ‍্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, বিজেপিৰ ৰাজ‍্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, পৱিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ এনে ব‍্যক্তিক দলত যোগদানৰ অনুমতি নিদিবলৈ।’

ইয়াৰ পাছতে শংকৰজ্যোতি বৰুৱাই বিজেপিত যোগদানৰ বাবে মন মেলিলেও থমকিবলগীয়া হৈছে। বিজেপিৰে এটা পক্ষই দাবী কৰা অনুসৰি, শংকৰজ্যোতিক বিজেপিয়ে আকোৱালি ল’লেও শংকৰে এটা বিশেষ চৰ্ত মানি চলিব লাগিব। শংকৰে ২০২৬ৰ নিৰ্বাচনত বিচাৰিব নোৱাৰিব বিজেপিৰ টিকট। দুলীয়াজানৰ বিধায়ক তেৰশ গোৱালাৰ সৈতে মন নিমিলা শংকৰজ্যোতি বৰুৱাৰ ৰাজনৈতিক কেৰিয়াৰে কোন দিশে গতি কৰিব সেই প্ৰশ্নৰ উত্তৰ বিচৰাটোৱেই হৈ পৰিছে কঠিন। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *