ডিজিটেল ডেস্কঃ আজি বিজেপিত যোগ দিব সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই। গতিৰোধক আঁতৰাই আগুৱাই আহিবলৈ বিজেপিৰ এটা শক্তিশালী শিবিৰৰ পৰা গ্ৰীণ ছিগনেল লাভৰ পাছতেই শংকৰজ্যোতিৰ বিজেপিত যোগদানৰ কথা নিশ্চিত হৈছে। কেৱল শংকৰেই নহয়, আছুৰ ৰাজ্যিক সমিতিৰ আনৰ কেইবাগৰাকী প্ৰাক্তন নেতায়ো আজি পিন্ধিব গেৰুৱা বসন।
উজনিৰ শক্তিশালী প্ৰাক্তন ছাত্ৰ নেতা শংকৰজ্যোতি বৰুৱাৰ সৈতে চাহ জনগোষ্ঠী আৰু অগপৰ কেইবাগৰাকী নেতাই আজি বিজেপিত যোগ দিব বুলি নিশ্চিত হৈছে। শুকুৰবাৰেই এই খবৰ ওলাইছিল যদিও শনিবাৰে সন্ধিয়াই যে তেওঁ বিজেপিত যোগ দিব সেই কথা নিশ্চিত হোৱা নাছিল। অৱশেষত আজি জল্পনা-কল্পনাৰ অন্ত পেলাই বিজেপিত যোগ দিয়াৰ বাবে সাজু হৈছে শংকৰজ্যোতি বৰুৱা।
২০২৪ চনৰ ১২ ছেপ্টেম্বৰত আছুৰ মজিয়া ত্যাগ কৰি শংকৰে দুলীয়াজানত বিভিন্ন সামাজিক কামৰ সৈতে জড়িত হৈছিল। সামাজিকভাৱে নিজকে বিভিন্ন কামত জড়িত কৰি নিৰ্বাচন খেলাৰ বাবে সাজু কৰিছিল শংকৰে। অৱশ্যে তেওঁ বিজেপিৰ পৰা দুলীয়াজান বিধানসভা সমষ্টিৰ টিকট লাভ কৰিবনে সেই কথা এতিয়াও নিশ্চিত হোৱা নাই।
