দীপাংক নাথক গালি পৰা শংকৰজ্যোতিয়ে অৱশেষত নিজেই যোগ দিলে বিজেপিত

ডিজিটেল ডেস্কঃ বিশ্বাসঘাতকতাহে কৰিলে নেকি আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই। এসময়ত বিজেপিক গালি পৰা তথা বিজেপিত যোগ দিয়া লোকক গালি পৰা শংকৰজ্যোতিয়ে কিহৰ আশাত যোগ দিলে বিজেপিত? এসময়ত বিজেপিৰ নাম শুনিলেই খং উঠা শংকৰজ্যোতিৰ বাবে এতিয়া বিজেপিয়ে কিয় হৈ পৰিছে শেষ আশ্ৰয়স্থল? 

সুখৰ নহ'ব নেকি শংকৰজ্যোতি বৰুৱাৰ বিজেপি মুখী যাত্ৰা? আজি ক্ষমতাৰ আশাত বিজেপিত যোগদান কৰিছে যদিও দুলীয়াজানত নিৰ্বাচন খেলিব নোৱাৰিব আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক গৰাকীয়ে। বিজেপিত যোগদান কৰাৰ পূৰ্বে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শংকৰজ্যোতি বৰুৱাক ২০২৬ ৰ নিৰ্বাচনত টিকটৰ আশা নকৰিবলৈ পৰামৰ্শ দিয়ে।

আজি সন্ধিয়া বিজেপিত যোগ দিয়া শংকৰজ্য়োতি বৰুৱাই আছু ত্যাগ কৰাৰ পাছৰে পৰা দুলীয়াজানত বিভিন্ন কাম কাজৰ মাধ্যমেৰে ৰাইজৰ প্ৰিয় পাত্ৰ হ’বলৈ চেষ্টা অব্যাহত ৰাখিছে। বিভিন্ন সামাজিক কাম কাজত জড়িত থকা শংকৰজ্যোতি বৰুৱাই এসময়ত দীপাংক কুমাৰ নাথে বিজেপিত যোগ দিয়াৰ খবৰ লাভ কৰাৰ পাছতে কটাক্ষ কৰিছিল। কিন্তু বৰ্তমান একেগৰাকী শংকৰজ্যোতিৰ বাবে সেই বিজেপিয়ে হৈ পৰিছে আটাইতকৈ ভাল ৰাজনৈতিক দল।

আজি যোগ দিয়েই কাইলৈ পাৰ্টিত টিকট নিবিচাৰিব বুলি শংকৰজ্যোতিলৈ স্পষ্ট বাৰ্তা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ইফালে আজি বিজেপিত যোগদান কৰা শংকৰজ্যোতিয়েও ৰাইজৰ হৈ কাম কৰি যাম বুলি মন্তব্য কৰিছে। গতিকে শংকৰজ্যোতি বৰুৱাৰ বিজেপিত যোগদানে ৰাজনৈতিক নেতাসকলৰ কথা আৰু কামৰ যে সামঞ্জস্য বহুক্ষেত্ৰত নাথাকে সেই কথাকে প্ৰমাণ কৰিছে।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *