বিয়াৰ দিনাই চিৰাঙত দৰাৰ সৈতে ভয়ংকৰ অঘটন, শেষ হৈ গ’ল ৩খন ঘৰ...

ডিজিটেল ডেস্কঃ বিৱাহপাশত আবদ্ধ হোৱাৰ পাছতেই শেষ হ’ল মাইকেল বসুমতাৰীৰ জীৱন। চিৰাঙত যোৱা নিশা বিদ্যুৎস্পৃষ্ট হৈ প্ৰাণ হেৰুৱালে ৩ গৰাকী লোকে। এই ঘটনাই সমগ্ৰ জিলাখনতে শোকৰ ছাঁ পেলাইছে। নিহত মাইকেল বসুমতাৰী শনিবাৰে বিৱাহপাশত আবদ্ধ হৈছিল। বৈবাহিক জীৱন আৰম্ভ কৰা মাইকলৰ সৈতে সংঘটিত এই ঘটনাই পৰিয়াললৈ নমাই আনিলে কাল অমানিশা। 

নিহত আন দুজন লোক ক্ৰমে দৈমালু নাৰ্জাৰী আৰু বিজয় মুছাহাৰী। আমটেকা ১ নং এলেংমাৰী গাঁৱত সংঘটিত এই শোকাৱহ ঘটনাত ইফালে আহত হৈছে মাইকেল বসুমতাৰীৰ ভাতৃ অঞ্চুলা বসুমতাৰী। 

নিজ নিজ কামত সকলো ব্যস্ত থকাৰ সময়তে গাঁওখনত হঠাতে হাই ভল্টেজ বিদ্যুৎ প্ৰৱাহিত হোৱাৰ বাবেই এই ঘটনা সংঘটিত হৈছে। কেৱল বিয়াৰ ঘৰখনেই নহয়, আন আন প্ৰান্ততো হাই ভল্টেজ বিদ্যুৎ প্ৰৱাহিত হয়। 

ঘটনাত আহত মাইকেল বসুমতাৰীৰ ভাতৃ অঞ্চুলা বসুমতাৰীল বৰ্তমানো অচেতন হৈ থকা বুলি জানিব পৰা গৈছে। বঙাইগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে অঞ্চুলা বসুমতাৰীক। ইফালে এই ঘটনাৰ প্ৰসংগত ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *