ডিজিটেল ডেস্কঃ পুনৰবাৰ USTM ৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। গণৰাজ্য দিৱসৰ প্ৰাকমুহূৰ্তত দিল্লীত গ্ৰেপ্তাৰ হোৱা গুৱাহাটীৰ এগৰাকী মহিলাৰ পৰাই এইবাৰ মুখ্যমন্ত্ৰীয়ে লাভ কৰিলে USTM কৰ্তৃপক্ষক কটাক্ষ কৰাৰ সুযোগ। দিল্লী ক্ৰাইম ব্ৰান্সে গ্ৰেপ্তাৰ কৰা আছমা বেগম নামৰ মহিলাগৰাকী USTM ৰ সৈতে জড়িত থকা বুলি পোহৰলৈ অহাৰ পাছতে আজি গুৱাহাটীত সাংবাদিকৰ আগত USTMৰ স্বত্বাধিকাৰীগৰাকীক নাম নোলোৱাকৈ তুলাধুনা দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
USTMৰ ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ ডাইৰেক্টৰ আছমা বেগমক শেহতীয়াকৈ দূতাৱাস এলেকাত সন্দেহজনক গতি-বিধিৰে ঘূৰি থকাৰ সময়তে গ্ৰেপ্তাৰ কৰিছিল। মহিলাগৰাকীয়ে বাহনত ব্যৱহাৰ কৰিছিল বিদেশী দূতাৱাসৰ ভুৱা নম্বৰ প্লেট। বসন্ত বিহাৰৰ অতি স্পৰ্শকাতৰ এলেকাৰ পৰা গ্ৰেপ্তাৰ কৰা মহিলাগৰাকীক ইতিমধ্যে ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে দিল্লী ক্ৰাইম ব্ৰান্সে।
আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই USTMক জাল আৰু প্ৰৱঞ্চনাৰ থলী আখ্যা দিয়ে। ইয়াতকৈও এখোপ ওপৰলৈ গৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই 'আলকায়দাৰে জড়িত সংগঠনৰ পৰা মহবুবুল হকলৈ টকাৰ আমদানি হয়’ বুলিও অভিযোগ কৰে। লগতে মহবুবুল হকৰ ওপৰত OBC চাৰ্টিফিকেট নকল কৰাৰ অভিযোগ থকা বুলিও মন্তব্য কৰে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এক বিস্ফোৰক তথ্য আজি সাংবাদিকৰ আগত সদৰি কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰা অনুসৰি, USTMৰ ৱেবচাইটৰ পৰা কালি আঁতৰাই দিয়া হয় আছমা বেগমৰ ফটো। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘মেডিকেল এডমিশ্যনত জাল আৰু চুৰি কৰাৰ অভিযোগো আছে।’
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ সনাতনী সমাজক USTMত নপঢ়িবলৈ আহ্বান জনোৱা পৰিলক্ষিত হয়। তেওঁ শিক্ষাৰ্থীসকলক USTMত নপঢ়িবলৈ আহ্বান জনাই আৰু যদিহে পঢ়ে তেন্তে ৩-৪ বছৰৰ চাৰ্টিফিকেট একেলগে নোহোৱা হ'ব বুলিও মন্তব্য কৰে। গুৱাহাটীত হোৱা কৃত্ৰিম বানপানী তথা আন আন ক্ষেত্ৰত বিভিন্ন সময়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু USTM কৰ্তৃপক্ষৰ মাজত মতানৈক্য দেখিবলৈ পোৱা যায়। আজি পুনৰবাৰ মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্যই বিশেষভাৱে চৰ্চা লাভ কৰিছে।
