ডিজিটেল ডেস্কঃ ভোটচুৰিৰ প্ৰসংগই গৰম কৰিছে ৰাজ্যৰ ৰাজনীতি। এইবাৰ খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই ভোটচুৰিৰ প্ৰসংগত মুখ খুলিছে। বিৰোধীৰ অভিযোগৰ প্ৰত্যুত্তৰ দি মুখ্যমন্ত্ৰীগৰাকীয়ে ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ (SR) হ’লে ৪ৰ পৰা ৫ লাখ লোকে ভোটাধিকাৰ হেৰুৱাব বুলি মন্তব্য কৰিছে। অৱশ্যে এইসকল লোকক মিঞা বুলি সম্বোধন কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
মুখ্যমন্ত্ৰীগৰাকীয়ে আজি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি মিঞাৰ বিৰুদ্ধে গৰজি উঠে। এটা বিশেষ সম্প্ৰদায়ৰ একাংশ লোকক কটাক্ষ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় মিঞাৰ ভোট চুৰি কৰিব বিচাৰিছে বিজেপিয়ে। মিঞাৰ ভোটাধিকাৰ অসমত নহয়, বাংলাদেশতহে থাকিব লাগে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে।
হিমন্ত বিশ্ব শৰ্মাই আজি উজনি অসমত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি বিৰোধীকো কটাক্ষ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘মিঞাৰ ভোটাধিকাৰ অসমত নহয় বাংলাদেশত। মিঞাই অসমত ভোট দিব নোৱৰা ব্যৱস্থা কৰিছোঁ। SRত হোৱা মিঞাৰ ভোট কৰ্তন হ'ব।’
ইমানতে ক্ষান্ত নাথাকি মুখ্যমন্ত্ৰীগৰাকীয়ে ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনী (SIR) আহিলে কেনে পৰিৱেশ হ’ব পাৰে তাৰো আভাস দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘SIR আহিলে ৪-৫ লাখ কৰ্তন হ’ব মিঞাৰ ভোট। কংগ্ৰেছে গালি পাৰিলেও মোৰ কাম মিঞাক কষ্ট দিয়া।’
শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মিঞা সকলৰ বিৰুদ্ধে আক্ৰমণাত্মক হোৱা দেখিবলৈ পোৱা গৈছে। SR ৰ বাবে একাংশ লোকৰ হাৰাশাস্তি হোৱা বুলি উঠা অভিযোগৰ প্ৰত্যুত্তৰ দি মিঞাসকলক আমি কষ্ট দিছোৱেই বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে। গতিকে এনে প্ৰেক্ষাপটতে বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক নেতাৰ এনে মন্তব্যই বিশেষভাৱে চৰ্চা লাভ কৰিছে।
