ডিজিটেল ডেস্কঃ আজি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ওপজা দিন। আজিৰ দিনটোতে ৫৭ বছৰত ভৰি দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। পুৱাই আজি কামাখ্যা মন্দিৰত উপস্থিত হৈ সেৱা জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে। কামাখ্যাত মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হোৱাৰ সময়ত বহু অনুৰাগীয়ে ভিৰ কৰা দেখিবলৈ পোৱা যায়।
মাজনিশাৰে পৰা মুখ্যমন্ত্ৰীগৰাকীৰ বাসগৃহত বহুলোকৰ ভিৰ পৰিলক্ষিত হয়। কোনোৱে যদি মুখ্যমন্ত্ৰীক ১৩ হাজাৰ টকীয়া কলম উপহাৰ দিছে, আন কোনোৱে উপহাৰ দিছে আন আন সামগ্ৰী।
ইয়াৰ মাজতে আকৰ্ষণীয় হৈছিল একাংশ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ উপস্থিতি। মুখ্যমন্ত্ৰীগৰাকীক অনুৰাগীয়ে মৰমতে জন্মদিনৰ শুভেচ্ছা জনালে ঠিকেই, কিন্তু একাংশই মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণৰ বাবে নিশাই দিলেগৈ উপস্থিতিৰ প্ৰমাণ।
আনহাতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জন্মদিনৰ দিনাই ৰাইজৰ হকে কাম কৰি যোৱাৰ বাবে পণ লয়। দৈনিক ৫ৰ পৰা ৫ ঘন্টা ৩ মিনিট শুৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনৰ সময়ত কেনেকৈ কষ্ট কৰিবলগীয়া হয় সেই কথাও উল্লেখ কৰে।
বিগত দিনবোৰত শদিয়াৰ পৰা ধুবুৰীলৈ ঘূৰি দৈনিক বিভিন্ন কাৰ্যসূচীত অংশ লৈ আহিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীক এনেদৰেই কাম কৰিবলৈ অনুৰোধ জনাই লাচিতৰ মূৰ্তিও জন্মদিনত হিমন্ত বিশ্ব শৰ্মাক অনুৰাগীয়ে উপহাৰ দিয়ে।
