ডিজিটেল ডেস্কঃ বিজেপিৰ বিৰুদ্ধে দীৰ্ঘদিনৰে পৰা থকা অভিযোগেই যেন পুনৰবাৰ সঁচা হোৱাৰ পথত। আঞ্চলিক দলৰ সৈতে মিত্ৰতাৰে চৰকাৰ গঠন কৰি নিজৰ শক্তি বৃদ্ধি কৰাত পাকৈত বিজেপি। দলটোৱে চলে বলে কিম্বা কৌশলেৰে কেনেদৰে শাসনলৈ আহিব লাগে সেই কথা ভালকৈয়ে জানে। অসমতো বিজেপিৰ বাবে এৰাব নোৱাৰা অন্য এক সম্পৰ্কৰ নামেই আছিল অসম গণ পৰিষদ।
লাহে লাহে যেন সেই সম্পৰ্কৰ আঠা কমিছে। অগপ ক্ৰমাৎ যেন নিশকটীয়া হৈ আহিছে। দেৰগাঁৱৰ আসনখন বিধায়ক থকা স্বত্বেও অগপক এৰি নিদিও বুলি দাবী কৰিছে বিজেপিয়ে। কেৱল সেয়াই নহয়, আনুষ্ঠানিকভাৱে এই কথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দেৰগাঁৱত উপস্থিত হৈ নিজেই ক’লে সাংবাদিকৰ আগত।
মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পাছতে খঙত অগ্নিশৰ্মা হৈ দেৰগাঁৱৰ বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালীয়ে এখোপ ওপৰলৈ গৈ যদিহে আসনখন এৰি নিদিয়ে তেন্তে বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰিব বুলি হুংকাৰ দিয়ে। এই হুংকাৰৰ পাছতে ৰাজ্যৰ ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কিয়নো বিজেপিয়ে শাসনলৈ অহাৰ পাছৰে পৰা প্ৰতিটো কাৰ্যকালতে অগপৰ আসনৰ সংখ্যা কমি আহিছে। তাৰ মাজতে দেৰগাঁৱৰ আসনখনো অগপই হেৰুৱাব নেকি তাক লৈ প্ৰশ্নৰ সৃষ্টি হৈছে।
ইফালে অগপৰ দুৰ্গ খ্যাত তেজপুৰ আৰু টীয়কো বিজেপিয়ে নিজৰ হাতলৈ আনিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে। ইতিমধ্যে নিজ দলৰ নেতাক সমষ্টি দুটাত কাম কৰিবলৈ গ্ৰীণ ছিগনেল দিছে বিজেপিৰ ৰাজ্যিক নেতৃত্বই। গতিকে এনে পৰিপ্ৰেক্ষিততে দেৰগাঁৱৰ সামগ্ৰীক পৰিৱেশৰ পৰাই দুয়োটা দলৰ মিত্ৰতা ভংগ হ’ব নেকি তাক লৈ সৃষ্টি হৈছে প্ৰশ্নৰ।
