ডিজিটেল ডেস্কঃ এইবাৰ আন এক প্ৰৱঞ্চনাৰ ঘটনাই গুৱাহাটীত সৃষ্টি কৰিছে জোকাৰণিৰ। স্মাৰ্ট প্ৰৱঞ্চকে আপোনাকো পেলাব পাৰে বিপদত। শেহতীয়াকৈ গুৱাহাটীত সংঘটিত এটা ঘটনাই মানুহৰ মাজত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। গুৱাহাটীত চাইবাৰ প্ৰৱঞ্চকৰৰ আন এক ভয়ংকৰ জালৰ তথ্য পোহৰলৈ আহিছে।
যদিহে আপোনাৰ ঘৰত জাইকাৰ পানীৰ সংযোগ আছে তেন্তে সাৱধান হোৱাৰ সময় সমাগত। অন্যথা আপুনি সাঁচি ৰখা ধন কেইমুহূৰ্তমানৰ ভিতৰতে লৈ যাব পাৰে প্ৰৱঞ্চকে। মহানগৰীত ৪ প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰাৰ পাছতে এই তথ্য পোহৰলৈ আহিছে।
জাইকাৰ পানী লাভ কৰি থকা লোকলৈ প্ৰথমে আহে এটা মেছেজ। পানী বন্ধ হ’ব বুলি প্ৰেৰণ কৰা Push মেছেজত অহা লিংকত ক্লিক কৰিলেই একাউন্টৰ পৰা লৈ যায় ধন। জাইকাৰ পানী যোগানৰ নামত চলা এই অনলাইন প্ৰৱঞ্চনাৰ সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি ৰাজ্যজুৰি অভিযান চলাইছিল।
এই প্ৰৱঞ্চনাৰে জড়িত আছিল ৪জন যুৱক। প্ৰৱঞ্চনাৰ জাল পেলাই বিভিন্নজনৰ পৰা যুৱককেইজনে লুটি নিলে ১ কোটিৰো অধিক টকা। ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত গুৱাহাটীৰ চাইবাৰ আৰক্ষীয়ে দেওবাৰে নিশা ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলোৱা অভিযানত এই কাৰ্যৰে জড়িত যুৱককেইজনক বেলতলা,হাতীগাঁও,জালুকবাৰী আৰু ছিপাঝাৰৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
