ডিজিটেল ডেস্কঃ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন থকাৰ সময়তে পুনৰবাৰ শিক্ষিত নিবনুৱাৰ মুখত হাঁহি বিৰিঙালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ যুৱক-যুৱতীসকললৈ পুনৰ সুখবৰ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। ফেব্ৰুৱাৰী মাহতে দিয়া হ’ব ইতিমধ্যে পৰীক্ষা অনুষ্ঠিত হোৱা সকলো চৰকাৰী চাকৰিত নিযুক্তি।
সোমবাৰে পুনৰবাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত এই প্ৰসংগত মন্তব্য কৰে। ইতিমধ্যে বহুকেইটা বিভাগৰ ফলাফল ঘোষণা কৰা হৈছে যদিও বৰ্তমানলৈকে প্ৰদান কৰা হোৱা নাই নিযুক্তি পত্ৰ। একেদৰে আন কেইবাটাও বিভাগত বৰ্তমানলৈকে পৰীক্ষা অনুষ্ঠিত হ’ল যদিও ফলাফল ঘোষণা কৰা হোৱা নাই।
আজি এটা অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে নিযুক্তিৰ প্ৰসংগত মন্তব্য কৰাৰ পাছতে নিবনুৱা যুৱক-যুৱতীসকলৰ মুখত হাঁহি বিৰিঙিছে। ADREৰ তৃতীয় তথা চতুৰ্থ বৰ্গৰ সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়া সামৰণি মাৰিছে অসম চৰকাৰে। বৰ্তমান স্বাস্থ্য বিভাগৰ লগতে অন্যান্য কেইবাটাও বিভাগত নিযুক্তি দিবলৈ সাজু হৈছে চৰকাৰ।
ফেব্ৰুৱাৰী মাহতে সকলো পদত নিযুক্তি দিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰাৰ পাছতে এই ৫ বছৰত চৰকাৰে নিযুক্তি দিয়া প্ৰাৰ্থীৰ সংখ্যা ১ লাখ ৬০ হাজাৰৰো অধিক হ’ব বুলি ধাৰণা কৰা হৈছে।
