ভাৰতীয় লোকৰ গোপনীয়তাৰ অধিকাৰ ভংগ কৰাৰ অপৰাধত ‘মেটা’লৈ চূড়ান্ত সকীয়নি উচ্চতম ন্যায়ালয়ৰ।
হোৱাটছএপ, ফেচবুকৰ বিৰুদ্ধে উত্থাপিত হৈছিল ডাটা চুৰিৰ অভিযোগ।
হোৱাটছএপ, ফেচবুকৰ ডাটা চুৰি কৰাৰ সন্দৰ্ভত সকীয়নি দিলে উচ্চতম ন্যায়ালয়ে।
মেটাই' হোৱাটছএপ আৰু ফেচবুকৰ ডাটা চুৰি বন্ধ নকৰিলে ভাৰত এৰিব লাগিব বুলি ধমক দিলে উচ্চতম ন্যায়ালয়ে।
ভাৰতীয় কোনো নাগৰিকৰ তথ্য চুৰি কৰাৰ অধিকাৰ দিয়া হোৱা নাই 'মেটা'ক!
ভাৰতীয় নাগৰিকৰ গোপনীয়তা ভংগ কৰা কোনো কাম কৰিব নোৱাৰিব হোৱাটছএপ আৰু ফেচবুকে!
মঙলবাৰে ২০২১ চনৰ গোপনীয়তা নীতিৰ ওপৰত আধাৰিত এটা গোচৰৰ শুনানি অনুষ্ঠিত হৈছিল উচ্চতম ন্যায়ালয়ত।
কমপিটিছন কমিছন অফ ইণ্ডিয়া নামৰ চৰকাৰী সংস্থাটোৱে গোচৰ তৰিছিল 'মেটা'ৰ বিৰুদ্ধে।
২০২৪ চনৰ নৱেম্বৰত নাগৰিকৰ গোপনীয়তা ভংগ কৰাৰ অপৰাধত 'মেটা'ৰ বিৰুদ্ধে ২১৩ কোটি টকাৰ জৰিমনা লাগাইছিল কমপিটিছন কমিছন অফ ইণ্ডিয়াই।
মঙলবাৰে উচ্চতম ন্যায়ালয়ত গোচৰটোৰ শুনানি গ্ৰহণ কৰিছিল তিনিজনীয়া বিচাৰপীঠে। চৰকাৰী পক্ষৰ হৈ গোচৰটোৰ ওকালতি কৰিছিল ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই।
উল্লেখযোগ্য যে, গোচৰটোৰ শুনানি কালত 'মেটা' কোম্পানীৰ অধিবক্তাক সাৱধানবাণী দিলে উচ্চতম ন্যায়ালয়ে।
