নেতাৰ ল’ৰা ধেমালিত গৌৰৱ গগৈৰ কাৰ্যকালতে ধ্বংস হ’ব নেকি কংগ্ৰেছ...

ডিজিটেল ডেস্কঃ অসম প্ৰদেশ কংগ্ৰেছৰ শেহতীয়া কিছু কাৰ্যই নিৰ্বাচনৰ পূৰ্বে লাভৰ পৰিৱৰ্তে ক্ষতিহে কৰিব নেকি দলটোৰ? ৰেজাউল কৰিম সৰকাৰৰ যোগদান আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পাছতেই কংগ্ৰেছ ত্যাগ কৰিবলগীয়া পৰিস্থিতিক লৈ আজিও অব্যাহত প্ৰতিক্ৰিয়া।
এনে সময়তে কংগ্ৰেছত যোগ নিদিয়াকৈয়ে এজন নেতাই দলটোৰ এক গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰাৰ অভিযোগ উত্থাপিত হৈছে। কেৱল এয়াই নহয়, দায়িত্ব লাভ কৰা নেতাজনে ইতিমধ্যে কংগ্ৰেছত যোগদান নকৰাকৈয়ে আগন্তুক নিৰ্বাচনৰ বাবে বিচাৰিছে দলটোৰ টিকট।
কংগ্ৰেছত যোগদান নকৰাকৈয়ে প্ৰাৰ্থিত্বৰ আবেদন কৰা দেৰগাঁৱৰ নেতাজনৰ নাম বিবেক বৰা। কংগ্ৰেছত যোগ নিদিয়াকৈয়ে অসম প্ৰদেশ কংগ্ৰেছৰ সেৱা দলৰ ৰাজ্যিক উপ-সভাপতিৰ দায়িত্ব লাভ কৰিলে বিবেক বৰাই। দলৰ শীৰ্ষ নেতাক মেনেজ কৰি দায়িত্ব লাভ কৰাৰ খবৰ পায়েই গৌৰৱ গগৈয়ে কাটিলে নেতাজনৰ পাখি।
এনে পৰিপ্ৰেক্ষিততে দেৰগাঁৱৰ বিবেক বৰাক লৈ অস্বস্তিত পৰিছে প্ৰদেশ কংগ্ৰেছ। ইতিমধ্যে আনৰ হতুৱাই কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি বিবেক বৰাই ৰাজীৱ ভৱনত কৰিছিল আবেদন। বিবেক বৰাৰ প্ৰতি কংগ্ৰেছৰ এনে দৰদৰ পাছতে দেৰগাঁৱৰ কেইবাগৰাকী তৃণমূল কৰ্মীয়ে এৰিছে দল। 
এনে পৰিস্থিতিত কংগ্ৰেছৰ ভিতৰচ’ৰাত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। কংগ্ৰেছে নিজৰ ভুলৰ বাবেই ৰাইজৰ আস্থা পুনৰবাৰ হেৰুৱাব নেকি তাকে লৈ সৃষ্টি হৈছে প্ৰশ্নৰ।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *