বেচ জমি উঠিছে হিমন্ত বিশ্ব শৰ্মা আৰু অখিল গগৈৰ বাকযুদ্ধ, Entry মাৰিলে গৌৰৱ গগৈৰ প্ৰসংগই...

ডিজিটেল ডেস্কঃ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে হিমন্ত বিশ্ব শৰ্মা আৰু অখিল গগৈৰ বাকযুদ্ধ খুবেই আকৰ্ষণীয় হৈছে। ২০২৬ৰ বিধানসভা নিৰ্বাচনত কোন জিকিব বা কোনে চৰকাৰ গঠন কৰিব তাকে লৈ ২ নেতাৰ কথাৰ কটাকটিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। অখিল গগৈয়ে চৰকাৰ গঠন কৰিম বুলি দাবী কৰি থকাৰ সময়তে মুখ্যমন্ত্ৰীৰ মন্তব্য, ‘অসমত ৫০০ বছৰলৈ নাহে অখিল গগৈৰ চৰকাৰ।’ 
কেৱল এয়াই নহয়, ৮ ফেব্ৰুৱাৰীত গৌৰৱ গগৈৰ পাকিস্তান লিংক পোহৰলৈ আনিম বুলি ইতিমধ্যে ভাবুকি দিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। এই ভাবুকিৰ সমান্তৰালকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে এয়াও কয় যে, ‘এই সময়ত কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে সকলোকে লগ কৰাৰ চেষ্টা কৰিছে যাতে তেওঁৰ পাকিস্তান লিংক পোহৰলৈ আহিলে সেই সময়ত সমৰ্থন জনাবলৈ নেতাসকল ওলাই আহে।’
হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ পাছতে জাঙুৰ খাই উঠিছে অখিল গগৈ। ৰাইজৰ দলৰ নেতাগৰাকীয়ে আজি কয়, ‘মোৰ চৰকাৰ কেতিয়া আহে মই নাজানো কিন্তু ২০২৬ চনত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ ভংগ যে হ’ব সেইটা খাটাং।’ 
কেৱল এয়াই নহয়, অখিল গগৈয়ে লগতে হিমন্ত বিশ্ব শৰ্মা প্ৰাক্তন মুখ্যমন্ত্ৰী হ'বলৈ আৰু মাত্ৰ ৯০ দিন আছে বুলিও আজি মন্তব্য কৰে। এখোপ ওপৰলৈ গৈ হিমন্ত বিশ্ব শৰ্মা গ্ৰেপ্তাৰ হৈ কাৰাগাৰতো থাকিবলগীয়া হ’ব পাৰে বুলি মন্তব্য কৰে অখিলে। 
আহোমে কেতিয়াও চোৰাংচোৱাগিৰি নকৰে বুলিও মন্তব্য কৰে অখিল গগৈয়ে। নেতাগৰাকীয়ে কয়, ‘আহোমৰ তেজত চোৰাংচোৱাগিৰি নাই। গৌৰৱ গগৈয়ে কেতিয়াও পাকিস্তানৰ চোৰাংচোৱাগিৰি কৰিবলৈ নাযায়।’ হিমন্ত বিশ্ব শৰ্মাইহে পাকিস্তানৰ চোৰাংচোৱাগিৰি কৰিব বুলি মন্তব্য কৰে অখিলে। মিত্ৰতা হ’লেও বা নহ’লেও গৌৰৱ গগৈৰ লগত আছোঁ বুলি অখিল গগৈয়ে মন্তব্য কৰে। এনে পৰিস্থিতিত দুই নেতাৰ মুখৰ কথা খুবেই আকৰ্ষণীয় হৈ পৰিছে।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *