ডিজিটেল ডেস্কঃ অচলাৱস্থা অব্যাহত থকা মণিপুৰে লাভ কৰিলে নতুন মুখ্যমন্ত্ৰী। এবছৰ ধৰি খালী হৈ আছিল মণিপুৰৰ মুখ্যমন্ত্ৰীৰ আসনত বহিব বিজেপি নেতা যুমনাম খেমচান্দ সিং।
ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ পদত্যাগৰ পাছত বলবৎ হৈছিল ৰাষ্ট্ৰপতি শাসন। ৰাষ্ট্ৰপতি শাসনৰ ম্যাদ শেষ হোৱাৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰা হৈছে।
যুমনাম খেমচান্দ সিঙক বিধায়িনী দলৰ নেতা নিৰ্বাচিত। দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে মণিপুৰৰ বিজেপিৰ এখন বৈঠক সম্পন্ন হয়। বৈঠকৰ পাছতে ঘোষণা কৰা হয় মুখ্যমন্ত্ৰী।
