ডিজিটেল ডেস্কঃ খোজে প্ৰতি উজুটি খাবলগীয়া হৈছে কংগ্ৰেছে। এইবাৰ মুকলিৰ পাছতে হেক হ’ল কংগ্ৰেছৰ ৱেৱচাইট। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত সংঘটিত দুৰ্নীতিৰ তথ্য পোহৰলৈ আনিবলৈ কংগ্ৰেছে whoishbs.com নামেৰে এটা ৱেৱচাইট মুকলি কৰিছিল।
কংগ্ৰেছৰ ৱেবচাইট মুকলিৰ কিছু সময়ৰ পাছতে হ’ম পেজত ওলাল - ‘Better Luck Next Time Paijaan...’। অৰ্থাত কংগ্ৰেছৰ ৱেবচাইট হেক কৰি সেই একে ৱেবচাইটতে সমালোচনা কৰা হয় গৌৰৱ গগৈক।
আজি ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰিছিল কংগ্ৰেছ নেতৃত্বই। সংবাদমেলত কংগ্ৰেছে একাধিক বিস্ফোৰক অভিযোগ উত্থাপিত কৰিছিল। জিতেন্দ্ৰ সিঙৰ উপস্থিতিত গৌৰৱ গগৈয়ে সম্বোধন কৰা সংবাদমেলখনত কংগ্ৰেছে ‘মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কোন?’ শীৰ্ষক প্ৰচাৰ পত্ৰিকা প্ৰস্তুত কৰাৰ কথা সদৰি কৰিছিল।
অসমৰ গাঁৱে-ভূঞে প্ৰচাৰ পত্ৰিকাখন বিলাই দিয়াৰ বাবে পদক্ষেপ গ্ৰহণ কৰা বুলিও সদৰি কৰিছিল। হিমন্ত বিশ্ব শৰ্মাক সৰ্বকালৰ মিছলীয়া মুখ্যমন্ত্ৰী আখ্যা দিছিল গৌৰৱ গগৈয়ে। ৱেবচাইট মুকলি কৰি গৌৰৱ গগৈয়ে কৈছিল, ‘ৰাইজে মিছডকল মাৰি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে তথ্য দিব পাৰিব কংগ্ৰেছক।’
মুখ্যমন্ত্ৰীৰ সম্পত্তিৰ উৎস বিচাৰি অভিযান আৰম্ভ কৰিছিল কংগ্ৰেছে। কিন্তু মুকলিৰ পাছতে হেক কৰা হয় ৱেবচাইট। যাৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছে নিজেই ৱেবচাইটটো সাময়িকভাৱে বন্ধ ৰাখিবলগীয়া হয়। গতিকে এনে পৰিস্থিতিত খোজে প্ৰতি উজুটি খাবলগীয়া হৈছে কংগ্ৰেছে।
