বিপদত কংগ্ৰেছ! গৌৰৱ গগৈৰ লগতে ৪ শীৰ্ষ নেতাৰ বিৰুদ্ধে গোচৰ তৰিব হিমন্ত বিশ্ব শৰ্মাই

ডিজিটেল ডেস্কঃ আজি কংগ্ৰেছে আয়োজন কৰা এখন সংবাদমেলে দিছপুৰত সৃষ্টি কৰিছে খলকনিৰ। গোচৰ দিবলৈ প্ৰস্তুত হৈছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে সংবাদমেল পাতি কেতবোৰ বিস্ফোৰক অভিযোগ আনিছিল কংগ্ৰেছে। 
কংগ্ৰেছৰ শীৰ্ষ নেতাসকলে সংবাদমেলত অংশ লৈ অনা অভিযোগক কেন্দ্ৰ কৰি খঙত অগ্নিশৰ্মা হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। গৌৰৱ গগৈৰ লগতে কেইবাগৰাকী জ্যেষ্ঠ কংগ্ৰেছীৰ বিৰুদ্ধে গোচৰ তৰিম বুলি সামাজিক মাধ্যমযোগে সদৰি কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।
গৌৰৱ গগৈৰ লগতে জিতেন্দ্ৰ সিং, ভূপেশ বাঘেল, দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে গোচৰ তৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰাৰ পাছতেই প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কংগ্ৰেছৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীগৰাকীৰ সন্দৰ্ভত ভুল আৰু মনেসজা তথ্য বিয়পোৱাৰ অভিযোগ।
হিমন্ত বিশ্ব শৰ্মাই ৯ ফেব্ৰুৱাৰীত গোচৰ তৰিব বুলি ৰাজহুৱা কৰিছে। ইফালে মুখ্যমন্ত্ৰীগৰাকীৰ এই ঘোষণাৰ পাছতে পুনৰবাৰ বিপাঙত পৰিছে কংগ্ৰেছ। আজি দুপৰীয়াৰ ভাগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত সংঘটিত দুৰ্নীতিৰ তথ্য পোহৰলৈ আনিবলৈ কংগ্ৰেছে whoishbs.com নামেৰে এটা ৱেৱচাইট মুকলি কৰিছিল। একেটা অনুষ্ঠানতে এখন প্ৰচাৰ পত্ৰিকা মুকলি কৰিছিল কংগ্ৰেছ নেতৃত্বই।
কংগ্ৰেছৰ ৱেবচাইট মুকলিৰ কিছু সময়ৰ পাছতে হ’ম পেজত ওলাইছিল - ‘Better Luck Next Time Paijaan...’। অৰ্থাত কংগ্ৰেছৰ ৱেবচাইট হেক কৰি সেই একে ৱেবচাইটতে সমালোচনা কৰা হৈছিল গৌৰৱ গগৈক।
আজি ৰাজীৱ ভৱনত প্ৰচাৰ পত্ৰিকা আৰু ৱেবচাইট মুকলি কৰিবলৈ সংবাদমেল সম্বোধন কৰিছিল কংগ্ৰেছ নেতৃত্বই। সেই সংবাদমেলত কংগ্ৰেছে মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে একাধিক বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল। জিতেন্দ্ৰ সিঙৰ উপস্থিতিত গৌৰৱ গগৈয়ে সম্বোধন কৰা সংবাদমেলখনত কংগ্ৰেছে অনা অভিযোগৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গোচৰ ৰুজু কৰিব বুলি সদৰি কৰিছে।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *