ৰাষ্ট্ৰপতিৰ শাসনৰ ম্যাদ ওকলাৰ পূৰ্বেই মণিপুৰত চৰকাৰ গঠনৰ কুচকাৱাজ বিজেপিৰ নেতৃত্বাধীন NDA ৰ।
আজি মণিপুৰৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিলে য়ুমনাম খেমচান্দ সিঙে। বুধবাৰে সন্ধিয়া ৬ বজাত লোক ভৱনত শপতগ্ৰহণ কৰিলে য়ুমনাম খেমচান্দ সিঙে। উপ-মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিলে নেমচা কিপজেন আৰু লছি দিখৌৱে।বুধবাৰে কাৰ্যকৰী হোৱাকৈ মণিপুৰৰ পৰা প্ৰত্যাহাৰ কৰা হৈছিল ৰাষ্ট্ৰপতি শাসন।সুদীৰ্ঘ এবছৰৰ পাছত মণিপুৰত চৰকাৰ গঠন কৰিবলৈ সাজু বিজেপিৰ নেতৃত্বাধীন NDA চৰকাৰ।
মঙলবাৰে দিল্লীত অনুষ্ঠিত মণিপুৰৰ বিজেপিৰ বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হৈছিল খেমচান্দ সিং। বুধবাৰে মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিবলৈ ইম্ফলত উপস্থিত হৈছিল য়ুমনাম খেমচান্দ সিং।
মণিপুৰৰ কুকি সম্প্ৰদায়ৰ পৰা নেমচা কিপগেন আৰু নাগা সম্প্ৰদায়ৰ পৰা লোচি ডিখৌয়ে উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। মণিপুৰৰ প্ৰথমগৰাকী মহিলা উপ-মুখ্যমন্ত্ৰী হ'ল নেমচা কিপগেন।
আনহাতে,মণিপুৰৰ পৰৱৰ্তী চৰকাৰৰ গৃহমন্ত্ৰী হিচাপে দেখা যাব গোবিনদাস কনথৌজামক।
উল্লেখযোগ্য যে, ২০১৭ আৰু ২০২২ চনত বিজেপিৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল খেমচান্দ সিং।
বিগত বৰ্ষৰ ১৩ ফেব্ৰুৱাৰীৰ পৰা মণিপুৰত অব্যাহত আছে ৰাষ্ট্ৰপতি শাসন।
