ডিজিটেল ডেস্কঃ পুনৰবাৰ কংগ্ৰেছক কটাক্ষ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। কংগ্ৰেছে কিয় ৱেবচাইট লন্স কৰিছে বুলি প্ৰশ্ন মুখ্যমন্ত্ৰীগৰাকীৰ। আজিৰ মানুহে ৱেবচাইল নাচায় বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘আজিকালি কোনেও ৱেবচাইট নাচায়। আজিকালি মানুহে এপহে লন্স কৰে।’
কংগ্ৰেছৰ সমসাময়িক জ্ঞান নাই বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। হিমন্ত বিশ্ব শৰ্মাই কয়, ‘কংগ্ৰেছৰ সমসাময়িক ন্যূনতম জ্ঞানো নাই। বৰ্তমান AIৰ যুগ। কংগ্ৰেছে অসমীয়া মানুহক আজিও পিছ পৰি থকা বুলি ভাবে।’
সঁচাকৈয়ে কিবা এটা কৰিব খুজিছে যদি কংগ্ৰেছে এপ লন্স কৰক বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। উল্লেখ্য যে, বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত সংঘটিত দুৰ্নীতিৰ তথ্য পোহৰলৈ আনিবলৈ কংগ্ৰেছে whoishbs.com নামেৰে এটা ৱেৱচাইট মুকলি কৰিছিল।
ৱেবচাইট মুকলিৰ কিছু সময়ৰ পাছতে হেক হৈছিল কংগ্ৰেছৰ ৱেবচাইট। হেক কৰি সেই একে ৱেবচাইটতে সমালোচনা কৰা হৈছিল গৌৰৱ গগৈক। আজি সেই সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নত মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছক সমালোচনা কৰা দেখা যায়।
সংবাদমেল সম্বোধন কৰি কংগ্ৰেছে ‘মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কোন?’ শীৰ্ষক প্ৰচাৰ পত্ৰিকা প্ৰস্তুত কৰাৰ কথাও সদৰি কৰিছিল। আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিক শাসনৰ পৰা আঁতৰাবলৈ চেষ্টা কৰিছে কংগ্ৰেছে। তেনে এক পদক্ষেপেৰেই বুধবাৰে ৱেবচাইট মুকলি কৰিছিল কংগ্ৰেছে, যি ৱেবচাইট পৰৱৰ্তী সময়ত হেক কৰে কোনো দুষ্টচক্ৰই।
