ডিজিটেল ডেস্কঃ দ্ৰুতগতিত আৰম্ভ হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া। আৰম্ভ হৈছে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত কৰিবলৈ চৰকাৰে গঠন কৰা এজনীয়া ন্যায়িক আয়োগত শপতনামা দাখিল কৰা সকলৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া। সকলোৱে বিচাৰে প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ ন্যায়। ৩৯ খন শপতনামা দাখিল কৰা হৈছিল ন্যায়িক আয়োগত। শপতনামা দাখিল কৰা ব্যক্তি আৰু সংগঠনৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ন্যায়িক আয়োগে।
১২ ডিচেম্বৰলৈকে আছিল জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে গঠন কৰা ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ এজনীয়া ন্যায়িক আয়োগৰ সন্মুখত সাক্ষ্য প্ৰদানৰ সময়সীমা। শিল্পীগৰাকীৰ সৈতে জড়িত ব্যক্তি, প্ৰতিষ্ঠানৰ সদস্য আদিয়ে ১২ ডিচেম্বৰলৈকে তথ্য তথা শপতনামা প্ৰদান কৰিছিল ন্যায়িক আয়োগত।
৪ অক্টোবৰত ৰাজ্য চৰকাৰে এজনীয়া ন্যায়িক আয়োগ গঠন কৰিবলৈ লোৱা সিদ্ধান্তৰ পাছতে ৩ নৱেম্বৰৰ পৰা আনুষ্ঠানিকভাৱে আয়োগৰ কাম আৰম্ভ হৈছিল। এই আয়োগে তদন্ত আইন ১৯৫২ৰ অধীনত শিল্পীগৰাকীয়ে মৃত্যুৰ পূৰ্বৰ আৰু পৰৱৰ্তীসময়ৰ ঘটনাৰাজী বিশ্লেষণৰ বাবে ইয়াৰ সৈতে জড়িত তথ্যসমূহ গ্ৰহণ কৰিছিল।
জুবিন গাৰ্গৰ মৃত্যুৰ আঁৰত কোনো ষড়যন্ত্ৰ, অৱহেলা নাইবা অপ্রীতিকৰ ঘটনা জড়িত আছে নেকি এই বিষয়ে তথ্য আহৰণ কৰিছিল আয়োগে। উল্লেখ্য যে, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত বৰ্তমান কাৰাগাৰত আছে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, নৰ্থ-ইষ্ট ফেষ্টিভেলৰ অন্যতম আয়োজক শ্যামকানু মহন্ত, সংগীত শিল্পী অমৃতপ্রভা মহন্ত, বাদ্যযন্ত্রী শেখৰ জ্যোতি গোস্বামী, অসম আৰক্ষীৰ নিলম্বিত বিষয়া সন্দীপন গাৰ্গ, ২ দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য।
