Meghalaya Mine Blast: মেঘালয়ৰ কয়লাখনিত ভয়ংকৰ বিস্ফোৰণ, অসমৰ চাৰিজন শ্ৰমিকৰ মৃত্যু, বহু শ্ৰমিক কয়লাখনিত আবদ্ধ হৈ থকাৰ আশংকা। মৃত শ্ৰমিকসকল অসমৰ কাছাৰ জিলাৰ কাটিগড়াৰ বিহাৰা গাঁৱৰ বাসিন্দা বুলি জানিব পৰা গৈছে।
মেঘালয়ৰ তাছখাইত কয়লাখনিৰ বিস্ফোৰণো সংঘটিত হয়।প্ৰায় অৰ্ধ-শতাধিক শ্ৰমিক আবদ্ধ হৈ থকাৰ আশংকা আৰক্ষীৰ।ঘটনাৰ পাছতে মেঘালয় আৰক্ষীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰাৰ লগতে অঞ্চলটোত উদ্ধাৰকাৰী দল মোতায়েন কৰা হৈছে। আহতসকলক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয় যদিও পৰৱৰ্তি সময়ত উন্নত চিকিৎসাৰ বাবে শিলচৰলৈ প্ৰেৰণ কৰা হয়।
