Zubeen Murder Case: প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত চূড়ান্ত ৰায়দান কৰাৰ সম্ভাৱনা আছে ছিংগাপুৰৰ আদালতে। ১৩ মাৰ্চত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰটোৰ সন্দৰ্ভত চূড়ান্ত ৰায়দান কৰাৰ সম্ভাৱনা আছে ছিংগাপুৰৰ কৰ’নাৰ্ছ ক'ৰ্টে । দীৰ্ঘদিন ধৰি ছিংগাপুৰৰ কৰ’নাৰ্ছ ক'ৰ্টত চলিছিল প্ৰাণৰ শিল্পী গৰাকীৰ ৰহস্যজনক মৃত্যুৰ গোচৰটোৰ তদন্ত।
৩ আৰু ৪ ফেব্ৰুৱাৰীত গোচৰটোৰ সন্দৰ্ভত শুনানি অনুষ্ঠিত হৈছিল ছিংগাপুৰৰ কৰ’নাৰ্ছ ক'ৰ্টত।
উল্লেখযোগ্য যে,১৪ জানুৱাৰীৰ পৰা ছিংগাপুৰৰ কৰ’নাৰ্ছ ক'ৰ্টত অনুষ্ঠিত হৈছিল গোচৰটোৰ শুনানি প্ৰক্ৰিয়া। বিগত ১৪ জানুৱাৰীত কৰ’নাৰ্ছ ক'ৰ্টত ছিংগাপুৰৰ আৰক্ষীয়ে দাখিল কৰিছিল গোচৰটোৰ তদন্তৰ প্ৰতিবেদন।
ইতিমধ্যে গোচৰটোৰ সন্দৰ্ভত কৰ’নাৰ্ছ ক'ৰ্টে ভাষ্য সাক্ষ্য গ্ৰহণ কৰিছে ১১ জনকৈ ব্যক্তিৰ। কৰ’নাৰ্ছ ক'ৰ্টে সাক্ষ্য গ্ৰহণ কৰা ৭ ব্যক্তিৰ ভিতৰত আছে ১০ জন প্ৰৱাসী অসমীয়া আৰু এজন প'ৰ্ট'টোৰ বিষয়া।
তথ্য অনুসৰি, আদালতৰ মজিয়াত প্ৰৱাসী অসমীই দিয়া ভাষ্যৰ সৈতে মিল খোৱা নাই য়টখনৰ কেপ্টেইনৰ ভাষ্য। ১৪ জানুৱাৰী অৰ্থাৎ গোচৰটোৰ প্ৰথমটো শুনানি কালতেই ছিংগাপুৰৰ আদালতত সাক্ষ্য দিছিল য়টখনৰ কেপ্তেইন জনে।
উল্লেখযোগ্য যে,গোচৰটোৰ শুনানি কালত ছিংগাপুৰৰ কৰ’নাৰ্ছ ক'ৰ্টত উপস্থিত আছিল জুবিন গাৰ্গৰ দুই আত্মীয়।
গতিকে ১৩ মাৰ্চত ছিংগাপুৰৰ আদালতৰ শুনানিৰ পাছত পোহৰলৈ আহিব পাৰে প্ৰাণৰ শিল্পী গৰাকীৰ মৃত্যুৰ ৰহস্য।
