ডিজিটেল ডেস্কঃ গ্ৰেপ্তাৰ হ’ব নেকি ভূপেন বৰা? কংগ্ৰেছ নেতাগৰাকীৰ বিৰুদ্ধে শীঘ্ৰেই ৰুজু হ’ব অপৰাধমূলক গোচৰ। আৰক্ষী সঞ্চালক প্ৰধানক গোচৰ ৰুজু কৰাৰ নিৰ্দেশ ৰাজ্যিক কেবিনেটৰ। কেবিনেট বৈঠকৰ অন্তত সংবাদমেলযোগে এই কথা সদৰী কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
মুখ্যমন্ত্ৰীগৰাকীয়ে কেবিনেট বৈঠকৰ অন্তত কয়, ‘কংগ্ৰেছৰ যাত্ৰাৰ সময়ত ভূপেন বৰাই মহিলাৰ প্ৰতি অশালীন ব্যৱহাৰ কৰিছে। ভূপেন বৰা, মীৰা বৰঠাকুৰ, দেৱব্ৰত শইকীয়াই মহিলাৰ প্ৰতি কৰা অমাৰ্জিত ব্যৱহাৰ অসমৰ ৰাইজে দেখিছে। গতিকে গোচৰ এটা ৰুজু কৰি ব্যৱস্থা গ্ৰহণৰ বাবে কেবিনেটৰ তৰফৰ পৰা নিৰ্দেশ দিয়া হৈছে।’
কংগ্ৰেছ নেতা কেইগৰাকীৰ বিৰুদ্ধে ৰাজহুৱা স্থানত মহিলাক অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ। মীৰা বৰঠাকুৰ, ভূপেন বৰা, দেৱব্ৰত শইকীয়াৰ নাম উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ কথা সদৰী কৰিছে।
উল্লেখ্য যে,শেহতীয়াকৈ পৰিৱৰ্তন যাত্ৰাত অংশ লোৱাৰ সময়ত ভূপেন বৰাৰ এক আচৰণক লৈ প্ৰশ্ন উত্থাপিত হৈছিল। ভূপেন বৰাই কৰা আচৰণৰ ভিডিঅ’ ভাইৰেল হৈছিল। সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ পাছতে এনেদৰে গোচৰ ৰুজু কৰা বাবে DGPক নিৰ্দেশ দিয়ে ৰাজ্যিক কেবিনেটে। ইফালে এই সিদ্ধান্তৰ পাছতে ভূপেন বৰা নিৰ্বাচনৰ পূৰ্বে গ্ৰেপ্তাৰ হ’ব নেকি বুলি প্ৰশ্ন উত্থাপিত হৈছে।
