মঙলবাৰৰ পৰা মেট্ৰিক পৰীক্ষা, অৱতীৰ্ণ হ’ব ৪,৩৮,৫৬৫ গৰাকী শিক্ষাৰ্থী

ডিজিটেল ডেস্কঃ মঙলবাৰৰ পৰা আৰম্ভ হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা। ৰাজ্যৰ ১,০৪৬ টা পৰীক্ষা কেন্দ্ৰত  অনুষ্ঠিত  হ’ব এইবাৰৰ মেট্ৰিক পৰীক্ষা। একেদৰে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা আৰম্ভ হ’ব বুধবাৰৰ পৰা। এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব মুঠ ৪,৩৮,৫৬৫ গৰাকী পৰীক্ষাৰ্থী।  
উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব ৩,৩০,৩৪৪ গৰাকী পৰীক্ষাৰ্থী। ৮২১ টা কেন্দ্ৰত অনুষ্ঠিত হ’ব এইবাৰৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা। 
মন কৰিবলগীয়া যে, মাত্ৰ কেইদিন মানৰ পাছতে অনুষ্ঠিত হ’ব ২০২৬ বৰ্ষৰ অসমৰ বিধানসভা নিৰ্বাচন। পৰীক্ষাসমূহত যাতে নিৰ্বাচনৰ কোনো প্ৰভাৱ নপৰে, তাৰ বাবে ফেব্ৰুৱাৰী মাহতেই এই পৰীক্ষাসমূহ অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছে। 
ইফালে প্ৰথমবাৰৰ বাবে মেট্ৰিকত নিৰীক্ষকৰ দায়িত্বত থাকিব LP-UPৰ শিক্ষক। প্ৰশ্নকাকত ফাদিল বন্ধ কৰিবলৈ বিশেষভাৱে এইবাৰ সাজু হৈছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ। ইতিমধ্যে কেন্দ্ৰ তত্বাৱধায়কলৈ প্ৰেৰণ কৰা নিৰ্দেশনা অনুসৰি মেট্ৰিকৰ নিৰীক্ষকৰ দায়িত্বত নাথাকিব ভেঞ্চাৰ স্কুলৰ শিক্ষক।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *