ডিজিটেল জেস্কঃ ‘হয় মই পাকিস্তান গৈছিলো’, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰি আজি ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কৰি এনেদৰে ক’লে কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে। লগতে কংগ্ৰেছ নেতাগৰাকীয়ে কয়, ‘মুখ্যমন্ত্ৰীক মই দ্বিতীয়বাৰ সকিয়াই দিছোঁ মোক আক্ৰমণ কৰক, মই ভয় নকৰোঁ, কাৰণ মই তৰুণ গগৈৰ পুত্ৰ লাচিতৰ বংশধৰ।’
দেওবাৰে এখন সংবাদমেল সম্বোধন কৰি গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত বিভিন্ন অভিযোগ উত্থাপন কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে উত্থাপন কৰা প্ৰশ্নৰ উত্তৰ দি আজি গৌৰৱ গগৈয়ে আৰু কয়, ‘হয় মই পাকিস্তানলৈ গৈছিলো, মই পাকিস্তান যোৱা পাছপ’ৰ্ট মোদী চৰকাৰক জমা দিছিলো। তাত সকলো লিখাই আছিল, এইটো কি ডাঙৰ কথা।’
লগতে গৌৰৱ গগৈয়ে কয়, ‘মই কিয় গৈছিলো সেয়া আগতেই কৈছো। মোৰ পত্নী পাকিস্তানত কামৰ বাবে এবছৰ আছিল। পৰৱৰ্তী সময়ত ভাৰতলৈ আহিছিল। কামত গৈছিল তেওঁ, মই স্বামী আৰু ময়ো গৈছিলো। কেনেকৈ থাকিছিল, কি কৰিছিল পাকিস্তানত, কেনেকৈ তাত থাকিছিল সকলো দেখিছিলো মই।’
গৌৰৱ গগৈয়ে কেন্দ্ৰীয় চৰকাৰৰ প্ৰসংগ উত্থাপন কৰি লগতে কয়, ‘মই সকলোবিলাক মোদী চৰকাৰক জমা দিছিলো। মোক কেন্দ্ৰীয় চৰকাৰে একো প্ৰশ্ন কৰা নাই। SIT-এ মোৰ ওচৰলৈ আহি পাকিস্তানত ১০ দিন কি কৰি আছিলো এবাৰো সোধা নাই। কিয় নুসুধিলে।’
‘SIT- এ বিচৰা হ’লে মই খোজকাঢ়ি তেওঁলোকৰ কাৰ্যালয়লৈ গ’লোহেঁতেন। মোক নামাতিলে কিয়?’ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বাংলাদেশলৈ যোৱা বুলি অভিযোগ উত্থাপন কৰি গৌৰৱ গগৈয়ে এখন পুৰণি ফটো ৰাজহুৱা কৰে। ‘কংগ্ৰেছত থকা সময়ত মুছলমানৰ তেজ পানীৰ পাইপত দেখা বুলি কৈছিল। এতিয়া কথা সলনি কৰিছে।’ আজি এনেদৰেই গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰা দেখা পোৱা যায়।
