ডিজিটেল ডেস্কঃ অসমত বিধানসভা নিৰ্বাচন পাতিবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে নিৰ্বাচন আয়োগ। মঙলবাৰে প্ৰকাশ কৰিলে চূড়ান্ত ভোটাৰ তালিকা। তালিকাত সন্নিৱিষ্ট কৰা হৈছে মুঠ ২,৪৯,৫৮,১৩৯ গৰাকী ভোটাৰৰ নাম।
ইয়াৰে ১,২৪,৮২,২১৩ গৰাকী পুৰুষ ভোটাৰ আৰু ১,২৪,৭৫,৫৮৩ গৰাকী মহিলা ভোটাৰ। তালিকাত প্ৰকাশ পোৱা অনুসৰি ৰাজ্যখনত মুঠ তৃতীয় লিংগৰ ভোটাৰ ৩৪৩ গৰাকী।
ইয়াৰ পূৰ্বে প্ৰকাশ পোৱা খচৰা তালিকাত মুঠ ২,৫২,০১,৬২৪ গৰাকী লোকৰ নাম সোমাইছিল যদিও চূড়ান্ত তালিকাৰ পৰা কৰ্তন কৰা প্ৰায় ২ লাখৰো অধিক ভোটাৰৰ নাম। ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ অন্তত প্ৰকাশ কৰা এই তালিকাক লৈ কোনো অসন্তুষ্টি থাকিলে ১৫ দিনৰ ভিতৰত জিলা দণ্ডাধীশৰ ওচৰত আপত্তি জনাব পাৰিব।
প্ৰয়োজন হ’লে কোনো লোকে ৩০ দিনৰ ভিতৰত মুখ্য নিৰ্বাচনী বিষয়াৰ ওচৰত দ্বিতীয়বাৰৰ বাবে আপত্তি জনাব পাৰিব। উল্লেখ্য যে, অসমত মাত্ৰ কেইটামান দিনৰ পাছতে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে নিৰ্বাচন আয়োগ।
ইফালে কামৰূপ মহানগৰ জিলাত মুঠ ভোটাৰৰ সংখ্যা ১০,৪৯,৬৪৪ গৰাকী। জিলাখনৰ ৫টা সমষ্টিৰ মুঠ ভোটকেন্দ্ৰৰ সংখ্যা ১,২১৮টা।
