চাহ শ্ৰমিকক প্ৰ*হাৰ বিজেপি বিধায়কৰ PSOৰ ! বিধায়ক গণেশ লিম্বুক পহুখেদা

ডিজিটেল ডেস্কঃ বিজেপি বিধায়ক গণেশ লিম্বুক পহুখেদা চাহ বাগিচাৰ শ্ৰমিকৰ। বিধায়ক গৰাকীৰ দেহৰক্ষীয়ে চাহ শ্ৰমিকক মা*ৰপিট কৰাৰ অভিযোগ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। 
চাহ শ্ৰমিকে খোৱা পানীৰ সমস্যাৰ বিষয়ে অভিযোগ দিয়াৰ পাছতে বিধায়ক গৰাকীয়ে PSO লগাই প্ৰহাৰ কৰোৱাৰ অভিযোগ চাহ শ্ৰমিকৰ। 
বৰছলাত বিধায়ক গণেশ লিম্বুৰ সভাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হয়।   আৰক্ষী আৰু চাহ শ্ৰমিকৰ মাজত সংঘটিত হয় হতাহতিৰ । এই ঘটনাৰ পিছতে স্থগিত হৈ পৰে বিধায়ক গৰাকীৰ কাৰ্যসূচী । 
শোণিতপুৰৰ বেলশিৰি চাব বাগিচাত চাহ শ্ৰমিকক ভূমি পট্টাৰ ফৰ্ম প্ৰদান কৰিবলৈ উপস্থিত হৈছিল বিধায়ক গৰাকী ।তাৰ পাছতে বিজেপি বিধায়ক গৰাকীক পহুখেদা দিয়ে চাহ শ্ৰমিক সকলে । এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *