লোক সভাৰ অধ্যক্ষৰ আসনৰ পৰা আঁতৰিব লগা হ'ব পাৰে ওম বিৰলা । বিৰোধী দলৰ সাংসদৰ মুখ বন্ধ কৰি বিপদত পৰিছে লোক সভাৰ অধ্যক্ষ গৰাকী।লোক সভাৰ অধ্যক্ষ ওম বিৰলাৰ বিৰুদ্ধে বিৰোধীয়ে আনিব অনাস্থা প্ৰস্তাৱ।
সংসদৰ বাজেট অধিৱেশনত বিৰোধী সাংসদে নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ বিৰুদ্ধে উত্থাপন কৰিছিল প্ৰশ্ন। কিন্তু সংসদত বিৰোধী সাংসদে প্ৰশ্ন উত্থাপন কৰিলে অধ্যক্ষ ওম বিৰলাই বাধা দিয়া বুলিও অভিযোগ উত্থাপিত হৈছিল।লোক সভাৰ অধ্যক্ষ গৰাকীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিবলৈ একত্ৰিত হৈছে বিৰোধী।লোক সভাৰ মজিয়াত বিৰোধী দলৰ দলপতি ৰাহুল গান্ধীয়ে নিজৰ বক্তব্য ৰাখিবলৈ পৰ্যাপ্ত সময় নোপোৱাৰো অভিযোগ উত্থাপন হৈছিল।
অনাস্থা প্ৰস্তাৱৰ সন্দৰ্ভত চৰ্চা কৰিবলৈ মল্লিকাৰ্জুন খাৰ্গেৰ চেম্বাৰত আলোচনাত বিহিছিল বিৰোধী দলৰ কেইবাজনো সাংসদ। সংসদৰ শীতকালীন অধিৱেশনত প্ৰধানমন্ত্ৰীক বিৰোধী সাংসদে অপদস্থ কৰিব পাৰে বুলি মোদীক সংসদত অনুষ্ঠিত থাকিবলৈ অনুৰোধ কৰিছিল ওম বিৰলাই।
লোক সভাৰ অধ্যক্ষ গৰাকীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিবলৈ সমৰ্থন প্ৰয়োজন কমেও ৫০ গৰাকী সাংসদৰ ।
এই পৰ্যন্ত লোক সভাৰ অধ্যক্ষৰ বিৰুদ্ধে বিৰোধীয়ে তিনিবাৰকৈ অনাস্থা প্ৰস্তাৱ আনিছিল যদিও খাৰিজ হৈছিল।
