ডিজিটেল ডেস্কঃ ৰাজ্যিক বিজেপিৰ অফিচিয়েল ‘X’ হেণ্ডেলত প্ৰকাশিত এটা AI ভিডিঅ’ক কেন্দ্ৰ কৰি চৌদিশে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ভিডিঅ’টো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদমাধ্যমতো চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। কেইবাটাও আগশাৰীৰ সংবাদমাধ্যমে হিমন্ত বিশ্ব শৰ্মা তথা বিজেপিৰ এই কাৰ্যক গৰিহণা দি বাতৰি প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে।
ভিডিঅ’টোত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘু লোকলৈ লক্ষ্য কৰি প্ৰতীকী ৰূপত গুলীচালনা কৰাৰ দৃশ্য দেখুওৱা হৈছে। আজি সেই বিশেষ ভিডিঅ’টোৰ প্ৰসংগত দিছপুৰ থানাত এখন এজাহাৰ দাখিল কৰে অসম প্ৰদেশ কংগ্ৰেছে।
বিধায়ক দিগন্ত বৰ্মন আৰু শিৱামণি বৰাৰ স্বাক্ষৰেৰে দাখিল কৰা এজাহাৰত উল্লেখ কৰা মতে, ‘৭ ফেব্ৰুৱাৰী ২০২৬ তাৰিখে বিজেপি অসম প্ৰদেশৰ অফিচিয়েল ‘X’ হেণ্ডল (@BJP4Assam)ৰ জৰিয়তে শ্বেয়াৰ কৰা উক্ত ভিডিঅ’টো অত্যন্ত প্ৰৰোচনামূলক আৰু সম্পূৰ্ণৰূপে সাম্প্ৰদায়িক।’ “point blank shot” বুলি কেপচন লিখা ভিডিঅ’টোত “foreigner free Assam”, “No mercy”, “Why did you not go to Pakistan?” আৰু “There is no forgiveness to Bangladeshis” আদি শব্দ ব্যৱহাৰ কৰি ৰাজ্যৰ সংখ্যালঘু মুছলমান সমাজক উদ্দেশ্যপ্ৰণোদিতভাৱে লক্ষ্য কৰি লোৱাৰ অভিযোগ কংগ্ৰেছৰ।
গোচৰ ৰুজু কৰাৰ সময়ত বিধায়ক দুগৰাকীৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰা আৰু ৰাজ্যিক সমন্বয়ক গোপাল শৰ্মা উপস্থিত থাকে। গোচৰ ৰুজু কৰাৰ পাছতে কংগ্ৰেছৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী জনায়।
