প্ৰকাশ পালে চূড়ান্ত ভোটাৰ তালিকা, কিমান ভোটাৰৰ নাম কৰ্তন কৰিলে নিৰ্বাচন আয়োগে ?

মঙলবাৰে দীৰ্ঘদিনৰ অপেক্ষাৰ অন্তত প্ৰকাশ পালে চূড়ান্ত ভোটাৰ তালিকা। ৰাজ্যজুৰি চলা SR প্ৰক্ৰিয়াৰ পাছত নিৰ্বাচন আয়োগে প্ৰকাশ কৰিলে চূড়ান্ত ভোটাৰ তালিকা।কোন কোন জিলাত ভোটাৰ তালিকাৰ পৰা কিমান ভোটাৰৰ নাম কৰ্তন কৰিলে নিৰ্বাচন আয়োগে ?
নিৰ্বাচন আয়োগৰ চূড়ান্ত ভোটাৰ তালিকা অনুসৰি,মুঠ বৈধ্য ভোটাৰৰ সংখ্যা ২ কোটি ৪৯ লাখ ৫৮ হাজাৰ ১৩৯ গৰাকী।
নিৰ্বাচন আয়োগে চূড়ান্ত ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিলে মুঠ ২ লাখ ৪৩ হাজাৰ ৪৮৫ গৰাকী ভোটাৰৰ।
হোজাই জিলাৰ অন্তৰ্গত লামডিং,হোজাই আৰু বিন্নাৰকান্দি তিনিটাকৈ বিধানসভা সমষ্টিত নাম কৰ্তন কৰা হৈছে ৩৮ হাজাৰ ভোটাৰৰ নাম।
বাক্সা জিলাত ৬ হাজাৰ ৪২১ জন ভোটাৰৰ নাম কৰ্তন কৰিলে নিৰ্বাচন আয়োগে।
বোকাজান সমষ্টিৰ পৰা কৰ্তন কৰা হৈছে ৬ হাজাৰ ১২৫ গৰাকী ভোটাৰৰ নাম।
ধুবুৰী জিলাৰ ৫টা বিধানসভা সমষ্টিটো কৰ্তন হৈছে হাজাৰ হাজাৰ ভোটাৰৰ নাম।ধুবুৰী, গৌৰীপুৰ,গোলকগণঞ্জ,বিৰসিং জৰুৱা আৰু  বিলাসীপাৰা বিধানসভা সমষ্টিত কৰ্তন কৰা হৈছে ২১,৯৭৮ গৰাকী ভোটাৰৰ নাম।
শিৱসাগৰ জিলাত কৰ্তন কৰা হৈছে ১৪ হাজাৰ ৯৬০ গৰাকী ভোটাৰৰ নাম।
গোলাঘাট জিলাৰ অন্তৰ্গত ৫ টা বিধানসভা সমষ্টিৰ পৰাও কৰ্তন কৰা হৈছে ৫৭ হাজাৰ ৭৫ গৰাকী ভোটাৰৰ নাম।
উত্তৰ অসমৰ লখিমপুৰ জিলাৰ অন্তৰ্গত সমষ্টিৰ পৰাও কৰ্তন কৰা হৈছে ৫০ হাজাৰ ২৫২ গৰাকী ভোটাৰৰ নাম।
উল্লেখযোগ্য যে,সন্দেহযুক্ত ভোটাৰৰ নাম কৰ্তন কৰিবলৈ বুথ পৰ্যায়ৰ বিষয়াসকলক নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰীয়ে।নাম কৰ্তন হোৱা ভোটাৰক ওজৰ আপত্তি দাখিলৰ বাবে বান্ধি দিলে ৩০ দিনৰ সময়সীমা।
প্ৰথম পৰ্যায়ত ১৫ দিনৰ ভিতৰত আপীল কৰিব পাৰিব জিলা দণ্ডাধীশৰ ওচৰত। প্ৰয়োজন সাপেক্ষে দ্বিতীয় পৰ্যায়ত মুখ্য নিৰ্বাচনী বিষয়াৰ ওচৰত দাখিল কৰিব পাৰিব ওজৰ আপত্তি।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *