সংসদত বিৰোধী দলৰ সাংসদৰ মুখ বন্ধ কৰি বিপদত পৰিছে লোক সভাৰ অধ্যক্ষ গৰাকী

লোক সভাৰ অধ্যক্ষৰ বিৰুদ্ধে সৰৱ বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈ।
ওম বিৰলাক লোক সভাৰ আসনৰ পৰা আঁতৰাবলৈ বিৰোধীৰ ১১৮ গৰাকী সাংসদৰ স্বাক্ষৰ সংগ্ৰহ কৰিলে গৌৰৱ গগৈয়ে।
সংসদত বিৰোধী দলৰ সাংসদৰ মুখ বন্ধ কৰি বিপদত পৰিছে লোক সভাৰ অধ্যক্ষ গৰাকী।
মঙলবাৰে ১১৮ গৰাকী বিৰোধী দলৰ স্বাক্ষৰ সম্বলিত অনাস্থা প্ৰস্তাৱ পত্ৰ লোক সভাৰ মহা সচিবক দাখিল কৰিলে গৌৰৱ গগৈয়ে।
সংবিধানৰ ৯৪ নং (গ) অনুচ্ছেদৰ আধাৰত লোক সভাৰ অধ্যক্ষৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ দাখিল কৰিলে বিৰোধীৰ সাংসদে।
বিৰোধীয়ে দাখিল কৰা অনাস্থা প্ৰস্তাৱৰ পাছতেই লোক সভা অধ্যক্ষ পদত জটিলতা সৃষ্টি হ'ব ওম বিৰলাৰ।
মঙলবাৰে দিনৰ ১১ বজাৰ পৰা লোক সভাৰ কাৰ্যক্ৰমণিকা আৰম্ভ হৈছিল যদিও সংসদত উপস্থিত নাছিল অধ্যক্ষ ওম বিৰলা।
উল্লেখযোগ্য যে,বিৰোধীৰ ফালৰ পৰা দাখিল কৰা অনাস্থা প্ৰস্তাৱত স্বাক্ষৰ নকৰিলে তৃণমূল কংগ্ৰেছৰ কোনো সাংসদে।
সংসদৰ বাজেট অধিৱেশনত বিৰোধী সাংসদে নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ বিৰুদ্ধে উত্থাপন কৰিছিল প্ৰশ্ন।
কিন্তু সংসদত বিৰোধী সাংসদে প্ৰশ্ন উত্থাপন কৰিলে অধ্যক্ষ ওম বিৰলাই বাধা দিয়া বুলিও অভিযোগ উত্থাপিত হৈছিল।
লোক সভাৰ মজিয়াত বিৰোধী দলৰ দলপতি ৰাহুল গান্ধীয়ে নিজৰ বক্তব্য ৰাখিবলৈ পৰ্যাপ্ত সময় নোপোৱাৰো অভিযোগ উত্থাপন হৈছিল।
লোক সভাৰ অধ্যক্ষ গৰাকীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিবলৈ সমৰ্থন প্ৰয়োজন আছিল কমেও ৫০ গৰাকী সাংসদৰ ।
 এই পৰ্যন্ত লোক সভাৰ অধ্যক্ষৰ বিৰুদ্ধে বিৰোধীয়ে তিনিবাৰকৈ অনাস্থা প্ৰস্তাৱ আনিছিল যদিও খাৰিজ হৈছিল।
১৯৫৪,১৯৬৬ আৰু ১৯৮৭ চনত বিৰোধীয়ে অনাস্থা প্ৰস্তাৱ দাখিল কৰিছিল লোক সভাৰ অধ্যক্ষৰ বিৰুদ্ধে।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *