ৰাজ্যিক বিজেপিৰ ভিতৰতে আছে নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শত্ৰু ?

ৰাজ্যিক বিজেপিৰ ভিতৰতে আছে নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শত্ৰু ?
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ‘শ্বুটিং’ ভিডিঅ’ক দেশজুৰি বিতৰ্ক সৃষ্টি হোৱাৰ পাছতেই সৃষ্টি হৈছে এই প্ৰশ্ন।
ভিডিঅ'টোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পইণ্ট ব্লেংক ৰেঞ্জত সংখ্যালঘুসকলক লক্ষ্য কৰি লোৱা দেখা গৈছিল।
মুখ্যমন্ত্ৰী হিমন্তক দেশজুৰি বদনামী কৰিবলৈ ৰাজ্যিক বিজেপিৰ ছ'চিয়েল মিডিয়াৰ হেণ্ডেলত আপলোড কৰা হৈছিল নেকি সেই বিতৰ্কিত ভিডিঅ' ?
আসন্ন নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ সংখ্যালঘু বিৰোধী স্থিতিক পৰাকল্পিতভাবে প্ৰকাশ কৰা হৈছিল নেকি ছ'চিয়েল মিডিয়াত ?
দেশজুৰি বিতৰ্ক সৃষ্টি কৰা ভিডিঅ'ৰ সন্দৰ্ভত কোনো কথাই অৱগত নহয় বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে
যদি মুখ্যমন্ত্ৰীয়ে সেই বিতৰ্কিত ভিডিঅ'ৰ সন্দৰ্ভত কোনো কথা অৱগত নাছিল তেন্তে বিজেপিৰ সামাজিক মাধ্যমত কোনে আপলোড কৰিছিল সেই ভিডিঅ' ?
বন্দুকেৰে মুখ্যমন্ত্ৰীয়ে দুজন ব্যক্তিক গুলীচালনা কৰাৰ ভিডিঅ' ডিলিট কৰা হৈছে যদিও সন্মুখীন হৈছে দেশজুৰি ধিক্কাৰ গঞ্জণাৰ।ইতিমধ্যে বিতৰ্কিত ভিডিঅ'ৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত ৰুজু হৈছে গোচৰ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মালেছিয়া ভ্ৰমণৰ সময়ত ৰাজ্যিক বিজেপিৰ সামাজিক মাধ্যমত পোষ্ট কৰা হৈছিল মুখ্যমন্ত্ৰীৰ সেই বিতৰ্কিত ভিডিঅ'। মুখ্যমন্ত্ৰী হিমন্তৰ বিতৰ্কিত ভিডিঅ'ৰ বাবে বিজেপিৰ হাইকামাণ্ডো আজি দেশজুৰি ধিক্কাৰ গঞ্জণাৰ সন্মুখীন হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংখ্যালঘু বিৰোধী স্থিতি সন্দৰ্ভত লোক সভাত আলোচনা কৰাৰ প্ৰস্তাৱ দিছিল কংগ্ৰেছৰ সাংসদে । ৰাষ্ট্ৰীয় টেলিভিছনতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিতৰ্কিত ভিডিঅ'ৰ আঁতধৰি সমালোচনাৰ লক্ষ্য কৰি লোৱা হৈছে বিজেপিক। 
চৰ্চা অনুসৰি, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাৱমূৰ্তি ৰাষ্ট্ৰীয় নেতৃত্বতৰ ওচৰত হেয়প্ৰতিপন্ন কৰিবলৈকে বিজেপিৰ ভিতৰতে সৃষ্টি হ'ব পাৰে এনে নিকৃষ্ট ষড়যন্ত্ৰ।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *