কাক সোনকালে বিয়া পাতিবলৈ পৰামৰ্শ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ?

ডিজিটেল ডেস্কঃ নতুনকৈ চৰকাৰী চাকৰি লাভ কৰা যুৱক-যুৱতীসকলক শীঘ্ৰেই বিয়া পতাৰ পৰামৰ্শ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি এক নিযুক্তি সমাৰোহত অংশগ্ৰহণ কৰি এই পৰামৰ্শ প্ৰদান কৰে। 
৬ মাহৰ ভিতৰত বিয়া পাতক বুলি কৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘আজি চাকৰি পোৱাসকলে ৰৈ নাথাকিব। এতিয়া সোনকালে বিয়া পাতক।’
উল্লেখ্য যে, মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব লোৱাৰে পৰা ৰাজ্যত ৫ বছৰত চৰকাৰী চাকৰিত নিযুক্তি দিয়া হৈছে ১,৫৮,৩৭৩ গৰাকী লোকক। একেদৰে নিৰ্বাচনৰ পূৰ্বে আৰু বহু সংখ্যক যুৱক-যুৱতীক নিযুক্তি দিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰিছে।
আজি নিযুক্তি প্ৰদান কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে বিয়াৰ প্ৰসংগত আৰু কয়, ‘দেৰিকৈ বিয়া পাতিলে ল'ৰা ছোৱালী ডাঙৰ নহয়, অৱসৰ লোৱালৈ কলেজত পঢ়ি থাকে। সন্তানৰ বিয়াৰ ক্ষেত্ৰত মাক-দেউতাকে পদক্ষেপ গ্ৰহণ কৰক।’
ইফালে মুখ্যমন্ত্ৰীগৰাকীয়ে একাংশই ১২ টালৈকে সন্তান জন্ম দিয়ে বুলিও মন্তব্য কৰে। লগতে হিমন্ত বিশ্ব শৰ্মাই কয়, ‘আজিকালি ল’ৰা-ছোৱালীয়ে চাকৰি দিয়ক বুলি নকয়, আমাক দৌৰিব দিয়ক বুলি কয়।’
শেহতীয়াকৈ বহুসংখ্যক যুৱক-যুৱতীক নিযুক্তি দিছে অসম চৰকাৰে। পুনৰবাৰ চৰকাৰ গঠন কৰিলে ১ লাখৰো অধিক লোকক পুনৰ চাকৰি দিম বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *