১৪ ফেব্ৰুৱাৰীত অসমলৈ মোদী, নিৰ্বাচনী ৰণডংকা বজাবলৈ সাজু বিজেপি

ডিজিটেল ডেস্কঃ শনিবাৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক আদৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে ৰাজ্য প্ৰশাসনৰ লগতে ৰাজ্যিক বিজেপিৰ নেতৃত্ব। কেইবাটাও চৰকাৰী কাৰ্যসূচীৰ লগতে বিজেপিৰ নিৰ্বাচনী ৰণডংকাও বজাব প্ৰধানমন্ত্ৰীগৰাকীয়ে। 
এদিনীয়া ভ্ৰমণ সূচীৰে অসমলৈ অহা দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ পৰা উক্ত দিনটোত অসমে লাভ কৰিব কেইবাটাও উপহাৰ। মোদীয়ে মুকলি কৰিব গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতু। ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে সন্ধিয়া ফেচবুক লাইভযোগে সদৰী কৰা অনুসৰি সেতুখনত শেষ পৰশ দিয়াত ব্যস্ত হৈছে বনুৱাসকল। 
১৪ ফেব্ৰুৱাৰীতে ৰাইজৰ বাবে সেতুখন মুকলি কৰা হ’ব যদিও অৱশ্যে ১ মাৰ্চলৈকে সেতুখনেৰে কোনো বাহন চলাচলৰ অনুমতি নাথাকিব। একেদৰে সেতুখনেৰে যাত্ৰা কৰাৰ সময়ত বাছ আৰু ট্ৰাকে দিব লাগিব টোলকৰ।
প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ এতিয়া ব্যস্ততা বাঢ়িছে চৰকাৰ তথা ৰাজ্যিক বিজেপিৰ নেতৃত্বৰ। সেতুখন মুকলি কৰিয়েই প্ৰধানমন্ত্ৰীগৰাকীয়ে লাচিত ঘাটতে এক বিশেষ কাৰ্যসূচীত অংশ লৈ পলাশবাৰীৰ IIM ৰ শুভ উদ্বোধন কৰিব। ভাৰত চৰকাৰে অসমৰ বাবে আগবঢ়োৱা বৈদ্যুতিক বাছৰো প্ৰধানমন্ত্ৰীগৰাকীয়ে শুভ উদ্বোধন কৰাৰ সম্ভাৱনা আছে। 
ইয়াৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমত আনুষ্ঠানিকভাৱে ৰাজ্যিক বিজেপিৰ নিৰ্বাচনীৰ ৰণডংকা বজাই খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত দলৰ জিলা সভাপতি, মণ্ডল সভাপতি, বুথ সভাপতিৰ লগতে শীৰ্ষ নেতাসকলক সম্বোধন কৰিব। প্ৰধানমন্ত্ৰীগৰাকীৰ অনুষ্ঠানৰ বাবে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত চলিছে যুদ্ধংদেহী প্ৰস্তুতি। দিন-ৰাতি একাকাৰ কৰি কাম কৰিছে সকলোৱে।
একেদিনাই মৰাণত বায়ুসেনাৰ জৰুৰী বিমান অৱতৰণ বাবে নিৰ্মাণ কৰা Emergency Landing Facility ৰো শুভ উদ্বোধন কৰিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। উত্তৰ পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে নিৰ্মাণ কৰা হৈছে চাৰিলেনযুক্ত বিশেষ বায়ু সেনাৰ অৱতৰণ ব্যৱস্থা। প্ৰধানমন্ত্ৰীয়ে শুভ উদ্বোধন কৰাৰ পাছতেই দেশৰ বায়ু সেনাৰ যোৱানে আধা ঘণ্টা প্ৰদৰ্শন কৰিব তেওঁলোকৰ বিশেষ কলা। এতিয়া এনেদৰেই প্ৰধানমন্ত্ৰীগৰাকীক আদৰিবলৈ সকলো সাজু হৈছে। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *