ডিজিটেল ডেস্কঃ ১ মাৰ্চৰ পৰা ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে ল’ব নোৱাৰিব কোনো ছুটী। নিৰ্বাচনৰ পৰিপ্ৰেক্ষিততে গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত। ১ মাৰ্চ, ২০২৬ ৰ পৰা ৩১ মে’, ২০২৬ লৈ কোনোধৰণৰ ছুটী ল’ব নোৱাৰিব ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে। নিৰ্বাচনৰ বাবেই এই জৰুৰী নিৰ্দেশনা প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰে।
উল্লেখ্য যে, অসমত বিধানসভা নিৰ্বাচন পাতিবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে নিৰ্বাচন আয়োগ। মঙলবাৰে প্ৰকাশ কৰিলে চূড়ান্ত ভোটাৰ তালিকা। অসমত মাত্ৰ কেইটামান দিনৰ পাছতে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন।
নিৰ্বাচনৰ সময়ত বিভিন্ন দায়িত্বত নিয়োজিত কৰা হ’ব ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক। ভোটগ্ৰহণ পৰা ভোটগণনালৈকে দায়িত্ব পালন কৰিব লাগিব কৰ্মচাৰীসকলে। এই সময়ত ছুটী ল’লে যাতে নিৰ্বাচনী কামসমূহ পৰিচালনা কৰাৰ ক্ষেত্ৰত অসুবিধা নহয় তাৰ ওপৰত নিৰ্ভৰ কৰিয়েই গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত।
ইফালে মাৰ্চ মাহৰ আৰম্ভণিতে অসমত নিৰ্বাচনৰ দিন ঘোষণাৰ সম্ভাৱনা আছে। ইতিমধ্যে নিৰ্বাচন আয়োগৰ দলে অসমলৈ আহি বিভিন্ন দিশ পৰ্যবেক্ষণ কৰিছে। ৰাজনৈতিক দলসমূহেও নিজা প্ৰাৰ্থীসকল সাজু কৰা দেখিবলৈ পোৱা গৈছে।
