ডিজিটেল ডেস্কঃ বিপদত ৩ কংগ্ৰেছ নেতা গৌৰৱ গগৈ, জীতেন্দ্ৰ সিং, ভূপেশ বাঘেল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰুজু কৰা ৫০০ কোটি টকাৰ মানহানিৰ গোচৰৰ শুনানি গ্ৰহণ কৰি ৩ নেতাক এতিয়াৰে পৰা হিমন্ত বিশ্ব শৰ্মা তথা তেওঁৰ পৰিয়ালৰ সম্পত্তিৰ সন্দৰ্ভত মানহানি হ’ব পৰা যিকোনো মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। লগতে এখন বাতৰি কাকতৰ কৰ্তৃপক্ষকো একেই নিৰ্দেশ দিছে আদালতে।
কংগ্ৰেছ নেতা ৩ গৰাকীৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপিত কৰি সংবাদমেল দিয়াৰ অভিযোগ। একেদৰে বাতৰি কাকতখনেও কোনোধৰণৰ তথ্য পৰীক্ষা নকৰাকৈ বাতৰি প্ৰকাশ কৰাৰ অভিযোগ।
১০ ফেব্ৰুৱাৰীত ৰুজু কৰা 85/2026 নম্বৰৰ গোচৰটোৰ শুনানি গ্ৰহণ কৰা হয় ন্যায়াধীশ নয়নজ্যোতি শৰ্মাৰ আদালতত। ৯ মাৰ্চত গৌৰৱ গগৈকে ধৰি ৭জনক আদালতত হাজিৰ হোৱাৰ বাবে দিয়া হৈছে নিৰ্দেশ।
এতিয়াৰে পৰা তেওঁলোকে মুখ্যমন্ত্ৰীৰ সম্পত্তি সন্দৰ্ভত কোনোধৰণৰ মন্তব্য কৰিব নোৱাৰিব। ৫ ফেব্ৰুৱাৰীত পৰীক্ষা নকৰাকৈ কাকতখনে মুখ্যমন্ত্ৰীৰ সম্পত্তিৰ সন্দৰ্ভত বাতৰি প্ৰকাশ কৰাৰ অভিযোগ।
আজি এখন সংবাদমেল সম্বোধন কৰি ৰাজ্যৰ মহাধিবক্তা দেৱজিত শইকীয়াই লগতে কয়, ‘মনে সজা কথা কৈ ৰাইজক ভুল পথেৰে পৰিচালিত কৰিব খুজিছিল। এই বাতৰিটোৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই দুখ পাইছে। সত্য়ৰ ভিত্তিত হয় নে এয়া মনে সজা সেয়া প্ৰমাণ কৰিব লাগিব। প্ৰমাণ কৰিব নোৱাৰিলে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ৫০০ কোটি টকা দিব লাগিব।’
