কোন হ'ব বাংলাদেশৰ বাদশ্বাহ? ভোট গ্ৰহণৰ দিনাই বোমা বিস্ফোৰণ, আজিয়েই হৈছে ভোট গণনা

অশান্ত বাংলাদেশত শান্তিপূৰ্ণভাবে অনুষ্ঠিত নহ'ল সাধাৰণ নিৰ্বাচনৰ ভোটগ্ৰহণ। বৃহস্পতিবাৰে বাংলাদেশৰ ২৯৯ খন আসনৰ বাবে অনুষ্ঠিত হৈছিল সাধাৰণ নিৰ্বাচনৰ ভোটগ্ৰহণ।বাংলাদেশ বিদ্ৰোহৰ পিছত বৃহস্পতিবাৰে অনুষ্ঠিত হ'ল প্ৰথমটো সাধাৰণ নিৰ্বাচনৰ ভোটগ্ৰহণ। ভোট গ্ৰহণৰ দিনাই জামাত-ঈ-ইছলামিৰ কাৰ্যকতাই হত্যা কৰিলে বাংলাদেশ নেচনেলিষ্ট পাৰ্টিৰ এজন সদস্যক।
বাংলাদেশৰ মুছীগঞ্জ আৰু গোপালগঞ্জ এলেকাৰ ভোটকেন্দ্ৰত বোমা বিস্ফোৰণৰো ঘটনা সংঘটিত হয়। ১ কোটি ২৭ লাখ ৭০ হাজাৰ ভোটাৰে ভোটদান কৰিলে ৪৩ হাজাৰ ভোট কেন্দ্ৰত । বাংলাদেশৰ সাধাৰণ নিৰ্বাচনত ২,০৩৪ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিলে ১ কোটি ২৭ লাখ ৭০ হাজাৰ ভোটাৰে। ভোটদান সম্পূৰ্ণ হোৱাৰ পাছতেই সন্ধিয়া ৫ বজাৰ পৰা আৰম্ভ হৈছে বাংলাদেশৰ সাধাৰণ নিৰ্বাচনৰ ভোট গণনা।
শুকুৰবাৰে পুৱাৰ ভাগলৈ বাংলাদেশৰ নিৰ্বাচন আয়োগে আনুষ্ঠানিকভাৱে ঘোষণা কৰিব সাধাৰণ নিৰ্বাচনৰ ফলাফল। শ্বেইখ হাছিনাৰ আৱামী লীগ বিহীন বাংলাদেশৰ সাধাৰণ নিৰ্বাচনৰ মূল যুজঁখন হৈছে BNP আৰু জামাত-ঈ-ইছলামিৰ মাজত। অৱশ্যে বাংলাদেশৰ সাধাৰণ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে সৰু বৰ ৫০ টাকৈ ৰাজনৈতিক দলে। বাংলাদেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে নাম চৰ্চাত আছে বাংলাদেশ নেচনেলিষ্ট পাৰ্টিৰ নেতা তাৰিক ৰহমানৰ নাম। 
দ্বিতীয়তে,কট্টৰপন্থী জামাত-ঈ-ইছলামৰ ছফিকুৰ ৰহমানৰ নামো পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে চৰ্চা লাভ কৰিছে.১৩ বছৰৰ নিষেধাজ্ঞাৰ পাছত বাংলাদেশৰ সাধাৰণ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে ছফিকুৰ ৰহমানৰ নেতৃত্বাধীন জামাত-ঈ-ইছলামে। 
বাংলাদেশৰ সাধাৰণ নিৰ্বাচনত বাংলাদেশ নেচনেলিষ্ট পাৰ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিছে ৮০ গৰাকীকৈ হিন্দু প্ৰাৰ্থীয়ে। ৯১ শতাংশ মুছলমান ভোটাৰ থকা বাংলাদেশৰ সাধাৰণ নিৰ্বাচনত ভোটদান সাব্যস্ত কৰিলে ৮ শতাংশ সংখ্যালঘু হিন্দু ভোটাৰে। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *