সাংসদ পদ যাব পাৰে ৰাহুল গান্ধীৰ, বিজেপিৰ শক্তিশেলত বন্দী ৰাহুল

জীৱনত আৰু কেতিয়াও নিৰ্বাচন খেলিব নোৱাৰিব পাৰে কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰিবলৈ সংসদত 'চাবষ্টেনেটিভ মচন' প্ৰস্তাৱ দাখিল কৰিছে বিজেপিয়ে। ৰাহুল গান্ধীক সংসদীয় ৰাজনীতিৰ পৰা আঁতৰাবলৈ বিজেপিৰ হৈ চাবষ্টেনেটিভ মচন' প্ৰস্তাৱ দাখিল কৰিছে সাংসদ নীশিকান্ত ডুবেৱে। লোক সভাৰ ৩৫২(৫) আৰু ৩৫৩ নিয়মৰ অধীনত ৰাহুল গান্ধীৰ বিৰুদ্ধে চাবষ্টেনেটিভ মচন' প্ৰস্তাৱ দাখিল কৰিছে সাংসদ নীশিকান্ত ডুবেৱে। ভৱিষ্যতে কোনো নিৰ্বাচনত যাতে ৰাহুল গান্ধীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে তাৰ বাবে এই পদক্ষেপ বিজেপিৰ সাংসদ গৰাকীৰ। এপষ্টেইন ফাইলৰ চাপত পৰি আমেৰিকাৰ সৈতে বাণিজ্যিক চুক্তি কৰি মোদীয়ে ভাৰতক বিক্রী কৰিব দাবী কৰিছিল ৰাহুল গান্ধীয়ে। 
ৰাহুল গান্ধীয়ে জৰ্জ ছ’ৰ’ছৰ দৰে ভাৰত বিৰোধী শক্তিৰ সৈতে দেশক বিপথে পৰিচালিত কৰিছে বুলি দাবী কৰিছিল বিজেপিৰ সাংসদ গৰাকীয়ে। বিৰোধী দলৰ দলপতি ৰাহুলৰ সেই বিতৰ্কিত মন্তব্যৰ সন্দৰ্ভত তদন্ত কৰিবলৈ সমিতি গঠনৰো প্ৰস্তাৱ দিছে সাংসদ নীশিকান্তে।যদি বিজেপিৰ সাংসদ গৰাকীৰ প্ৰস্তাৱ লোক সভাৰ অধ্যক্ষই মঞ্জুৰী দিয়ে তেন্তে সংসদত চৰ্চা হ'ব ৰাহুল গান্ধীৰ বিদেশী শক্তিৰ প্ৰসংগ। 
ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিষয়ত ৰাজনীতি নকৰিবলৈ বিৰোধী দলৰ দলপতি ৰাহুল গান্ধীক সকিয়নি বিজেপিৰ সাংসদ গৰাকীৰ। উল্লেখযোগ্য যে,প্ৰাক্তন সেনা প্ৰধানৰ অপ্ৰকাশিত কিতাপক লৈ চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈছিল ৰাহুল গান্ধী। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *