ডিজিটেল ডেস্কঃ যুদ্ধ বিমানৰ গৰ্জনত কঁপিছে মৰাণ। ১৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিবলগীয়া ইমাৰ্জেন্সী লেণ্ডিং ফেচিলিটিযুক্ত হাইৱেত এতিয়া চলিছে কেৱল যুদ্ধ বিমান। যুদ্ধসদৃশ পৰিস্থিতিত বায়ু সেনাই জৰুৰীভাৱে যুদ্ধবিমান অৱতৰণ আৰু উৰণ ক্ষেত্ৰ হিচাপে এই পথটো ব্যৱহাৰ কৰিব পৰাকৈ নিৰ্মাণ কৰিছে।
আজি মৰাণত নিশাৰ ভাগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীৰ প্ৰস্তুতিৰ বুজ লয়। ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মিত ELFত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে জিলা প্ৰশাসন আৰু বায়ুসেনাৰ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয়।
১৪ ফেব্ৰুৱাৰীৰ দিনটো অসমৰ বাবে এক ঐতিহাসিক দিন হিচাপে পৰিগণিত হ’ব। কিয়নো দেশৰ সুৰক্ষাৰ লগতে প্ৰযুক্তিগত দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে নিৰ্মাণ কৰা ইমাৰ্জেন্সী লেণ্ডিং ফেচিলিটিযুক্ত হাইৱেটো উক্তদিনা প্ৰধানমন্ত্ৰীগৰাকীয়ে মুকলি কৰাৰ পাছতে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চল সমগ্ৰ দেশতে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিব।
অসমৰ লগতে দেশৰ প্ৰায় ১০ খন ৰাজ্যত ইতিমধ্যে এই সুবিধা উপলব্ধ হৈ আছে। আন পথতকৈ কিছু পৃথক আৰু শক্তিশালীভাৱে নিৰ্মাণ কৰা এই ELFৰ জৰিয়তে ভাৰতীয় বায়ুসেনাই যুদ্ধকালীন সময়ত বিশেষভাৱে সহায় কৰিব।
