জুবিন গাৰ্গৰ ন্যায় পক্ৰিয়াক লৈ অসন্তুষ্ট গৰিমা

ডিজিটেল ডেস্কঃ মৰমৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি উচুপিবলগীয়া হৈছে পত্নী গৰিমা শইকীয়া গাৰ্গে। আজি শুনানিত উপস্থিত হৈ প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায় পক্ৰিয়া চলাবলৈ ফাষ্টট্ৰেক আদালত গঠনৰ আহ্বান জনালে গৰিমা শইকীয়া গাৰ্গে।
গৰিমাই ফাষ্টট্ৰেক আদালত গঠন নকৰিলে দিনৰ পাছত দিন এনেকৈয়ে বিচাৰ প্ৰক্ৰিয়া চলি থাকিব বুলি মন্তব্য কৰে। গোচৰ পক্ৰিয়া দীঘলীয়া হোৱাক লৈও একপ্ৰকাৰে অসন্তুষ্টি ব্যক্ত কৰে গৰিমা শইকীয়া গাৰ্গে। 
জুবিনৰ ক্ষেত্ৰত বিচাৰ পক্ৰিয় দীঘলীয়া হোৱাটো নিবিচাৰো বুলি কৈ লগতে গৰিমাই কয়, ‘ফাষ্টট্রেক আদালত গঠন নকৰিলে দিনৰ পাছত দিন এনেকৈয়ে বিচাৰ প্ৰক্ৰিয়া চলি থাকিব। জুবিনৰ ক্ষেত্ৰত অন্তত এইটো হোৱাটো বিচৰা নাই। অভিযুক্তসকলে শাস্তি পাব লাগিব।’
১৬ ফেব্ৰুৱাৰীত সম্পন্ন হ’ব পৰৱৰ্তী শুনানি। শ্যামকানু মহন্তৰ অধিবক্তাই আদালতত তথ্যপাতিৰ প্ৰসংগত ভিন্ন বিষয় উত্থাপন কৰা বুলি মন্তব্য কৰিছে গৰিমা শইকীয়া। এটা শেষ উত্তৰ আমাক লাগে বুলিও আজি মন্তব্য কৰে গৰিমা শইকীয়া। ইফালে অভিযুক্তসকলৰ কোনো অনুশোচনা নাই বুলিও মন্তব্য কৰে গৰিমাই। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *