ডিজিটেল ডেস্কঃ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অপমান কৰাৰ অভিযোগ উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও কাৰ্যসূচীত অংশ লৈছিল মাজুলীত। মুখ্যমন্ত্ৰীগৰাকী মাজুলীৰ পৰা ঘূৰি অহাৰ পাছতে শুকুৰবাৰে উপস্থিত হৈ এই অভিযোগ আনে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।
আজি পুৱাই মাজুলীৰ ঐতিহাসিক আউনীআটী সত্ৰত উপস্থিত হয় যোৰহাটৰ সাংসদগৰাকী। সত্ৰাধিকাৰ ড০ পীতাম্বৰদেৱ গোস্বামীক সাক্ষাৎ কৰি আশীৰ্বাদ গ্ৰহণ কৰে গৌৰৱ গগৈয়ে।
সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আবোল তাবোল বকি থাকে বুলিও অভিযোগ কৰে গৌৰৱ গগৈয়ে। নেতাগৰাকীৰ মতে ৰাজনৈতিক অস্থিৰতাৰ বাবে আবোল তাবোল বকি আছে হিমন্ত বিশ্ব শৰ্মাই।
এইবাৰ ৰাইজেই নিৰ্বাচন খেলিব আৰু ৰাইজে জিকিব বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে। মাজুলীৰ গড়মূৰত এক পদযাত্ৰাতো অংশগ্ৰহণ কৰে গৌৰৱ গগৈয়ে। উল্লেখ্য যে, বিগত দিনকেইটাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ মাজত কথাৰ কটাকটি পৰিলক্ষিত হৈছে।
গৌৰৱ গগৈৰ পাকিস্তান লিংকক লৈ আৰম্ভ হোৱা কথাৰ কটাকটিত স্থান পাইছে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সম্পত্তিৰ তালিকাই। ইতিমধ্যে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ১২০০০ বিঘা ভূমি আছে বুলি মন্তব্য কৰা কংগ্ৰেছৰ ৩ নেতাৰ বিৰুদ্ধে মানহানিৰ গোচৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গোচৰ দিলেও অৱশ্যে গৌৰৱ গগৈয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া দি মান নথকা মানুহে কি মানহানি গোচৰ দিব বুলি মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। ইফালে মাজুলীত বিভিন্ন উন্নয়নমূলক কামত মুখ্যমন্ত্ৰীয়ে মনোযোগ দিয়া দেখিবলৈ পোৱা গৈছে। সেয়েহে একালৰ সৰ্বানন্দ সোণোৱালৰ সমষ্টি মাজুলীত উপস্থিত হৈ সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অপমান কৰাৰ অভিযোগ উত্থাপন কৰে গৌৰৱে।
