ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জ্যেষ্ঠ ভাতৃ দিগন্ত বিশ্ব শৰ্মাৰ এটা ফেচবুক পোষ্ট সামাজিক মাধ্যমত এই মুহূৰ্তৰ আটাইতকৈ চৰ্চিত খবৰত পৰিণত হৈছে। মুখ্যমন্ত্ৰীৰ জ্যেষ্ঠ ভাতৃ হোৱাটো কষ্টকৰ বুলি সামাজিক মাধ্যমত পোষ্ট কৰিছে দিগন্ত বিশ্ব শৰ্মাই।
শৰ্মাই ফেচবুকত লিখিছে, ‘দেউতাই কৈছিল মন্ত্ৰিত্ব এটা দায়িত্বহে, তাৰ পিতৃ-মাতৃ-ভাতৃ নাথাকে’ নিজে অন্ধকাৰ যুগত থকা বুলি পুনৰ লিখিছে, ‘এই অন্ধকাৰ যুগত তথাপি আমি হেনো "মুখ্যমন্ত্ৰীৰ জ্যেষ্ঠ ভাতৃ"!
এইখন দেশতে পুনৰ জন্ম হওক বুলি নিজৰ কথা কৈ আৰু লিখিছে ‘ভগৱানক প্ৰাৰ্থনা কৰিছোঁ ভাৰতত মোৰ আকৌ জন্ম হওক, কিন্তু এই অভিধাৰে যাতে পুনৰ অভিহীত হ'ব লগা নহয়!’
সামাজিক মাধ্যমত দিগন্ত বিশ্ব শৰ্মাই কৰা পোষ্টে বিশেষভাৱে চৰ্চা লাভ কৰিছে। ইতিমধ্যে ভাইৰেল হৈ পৰা পোষ্টটোত মুখ্যমন্ত্ৰীৰ জ্যেষ্ঠ ভাতৃ হোৱাটো বৰ লোকচানদায়ক বুলিও লিখিছে দিগন্ত বিশ্ব শৰ্মাই। লিখিছে, ‘"মুখ্যমন্ত্ৰীৰ জ্যেষ্ঠ ভাতৃ" হোৱাটো বৰ কষ্টকৰ, বৰ লোকচানদায়ক জীৱন!’
উল্লেখ্য যে, মুখ্যমন্ত্ৰীৰ সমালোচনা কৰিবলৈ গৈ একাংশই মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ লোকসকলক সমালোচনাৰ লক্ষ্য কৰি লোৱা দেখা গৈছে। বিভিন্নজনে ফেচবুকত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ লোকসকলৰ সন্দৰ্ভত কৰিছে নেতিবাচক মন্তব্য। তেনে সময়তে মাজ নিশা ফেচবুকত এই পোষ্ট কৰিছে দিগন্ত বিশ্ব শৰ্মাই।
