অসহায় হৈছে গৌৰৱ গগৈ! য’ লৈকে যায় তাতে বিজেপিয়ে দিয়ে বাধা

ডিজেটেল ডেস্কঃ এয়া গৌৰৱ গগৈৰ বাবে ভাল হৈছেনে বেয়া হৈছে? যিমানে পৰিৱৰ্তন যাত্ৰা কৰি আগবাঢ়ি গৈছে সিমানে বাধাৰ সন্মুখীন হৈছে গৌৰৱ। কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাত বাধাৰ প্ৰাচীৰ হৈ থিয় দিছে বিজেপি। 
আজি লখিমপুৰত কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাত পুনৰবাৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। লখিমপুৰ মেডিকেল কলেজ হাস্পতালত প্ৰৱেশৰ সময়তে গৌৰৱ গগৈক বাধা দিয়ে একাংশ বিজেপি কৰ্মীয়ে। কেৱল এয়াই নহয়, ভূপেন বৰা আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে কেতবোৰ অভিযোগো উত্থাপন কৰে বিজেপিৰ সমৰ্থকসকলে। 
ইফালে বিজেপি কৰ্মীৰ বাধা দেখি উত্তেজিত হৈ পৰে কংগ্ৰেছৰ একাংশ কৰ্মী। দুয়োটা পক্ষ মাৰপিটত লিপ্ত হোৱা দেখিবলৈ পোৱা যায়। পৰিস্থিতি উত্তপ্ত হোৱা দেখি কংগ্ৰেছ গ' বেক, গৌৰৱ গগৈ গ' বেক ধ্বনি দিয়ে একাংশ বিজেপি কৰ্মীয়ে।
অৱশ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। দিনজোৰা কাৰ্যসূচীৰে লখিমপুৰত কংগ্ৰেছে উলিওৱা পৰিৱৰ্তন যাত্ৰা পৰৱৰ্তী সময়ত আন আন প্ৰান্তলৈও যায় আৰু গৌৰৱ গগৈয়ে বিজেপিক চোকা সমালোচনা কৰা দেখা যায়।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *